NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাই চাৰিগাঁৱত বনৰীয়া হাতীৰ গচকত প্ৰাণ গ’ল এজন লোকৰ

Posted by: নীলমনি শর্মা December 10, 2018 9:45 pm
WildElephant

গোৱালপাৰা জিলাৰ কৃষ্ণাই আাৰক্ষী থানাৰ অন্তৰ্গত চাৰিগাঁৱত আজি সন্ধিয়া বনৰীয়া হাতীয়ে এজন লোকক গচকি নিহত কৰাৰ বাতৰি পোৱা গৈছে ৷ নিহত লোকজন টেপেৰা ৰাভা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

জানিব পৰা মতে, টেপেৰা ৰাভাই আজি সন্ধিয়া ৰাভাই নিজৰ দোকান বন্ধ কৰি গৃহাভিমুখে আহি থকা অৱস্থাতে এই হৃদয় বিদাৰক দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে পথৰ দাঁতিত ৰৈ থকা বনৰীয়া হাতীটোৱে টেপেৰা ৰাভাক অকলশৰে পাই অতি নিৰ্মমভাৱে গচকি হত্যা কৰে। ইফালে বনৰীয়া হাতীয়ে নিৰীহ লোকজনক গচকি হত্যা কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে স্থানীয় ৰাইজ বন বিভাগৰ বিৰুদ্ধে ক্ষুভিত হৈ পৰিছে ৷

ৰাইজৰ অভিযোগ অনুসৰি মাহৰ পিছত মাহ ধৰি গুৰিয়া, চাৰিগাঁও আদি অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই আহিছে কিন্তু বন বিভাগে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ মাত্ৰ চোৰাং কাৰবাৰীৰ লগত মিতিৰালি কৰি মুনাফা আদায়তে ব্যস্ত থকা বন বিভাগৰ হেমাহিৰ বাবেই আজি টেপেৰা ৰাভা নিহত হ’বলগীয়া হ’ল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

ইফালে উত্তেজিত ৰাইজে নিহত টেপেৰা ৰাভাৰ পৰিয়ালক উপযুক্ত ক্ষতি পূৰণ দিয়াৰ লগতে বনৰীয়া হাতীৰ উপদ্ৰৱৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।