NORTHEAST NOW (Assamese)
অসম

টীয়কৰ চিৰাম মিচিং গাওঁত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ, টিয়ক Updated by: এন ই নাও নিউজ, টিয়ক May 4, 2022 2:23 pm
টীয়কৰ চিৰাম মিচিং গাওঁত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ কৰুণ মৃত্যু

টীয়কৰ চিৰাম মিচিং গাওঁত অঘটন l

পুৱা পথাৰলৈ হাল বাবলৈ যাওঁতে বিদ্যুৎ স্পৰ্শ হৈ কৰুণ মৃত্যু

টীয়কৰ চিৰাম মিচিং গাঁৱত অঘটন l

পুৱা পথাৰলৈ হাল বাবলৈ যাওঁতে বিদ্যুৎপৃষ্ট হৈ এজন ব্যক্তিৰ কৰুণ মৃত্যু l

মৃত ব্যক্তিজনৰ নাম দাদুল মৰাং,বয়স প্ৰায় ৪০ বছৰ।

লাইটৰ খুঁটাৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পানীত পৰি থকা তাঁৰ আঁতৰাবলৈ চেষ্টা কৰোতেই সংঘটিত হ’ল এই দুৰ্ভাগ্যজনক ঘটনাটো।

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আজি পুৱাই ব্যক্তিজনৰ প্ৰাণ গ’ল বুলি ৰাইজে অভিযোগ তুলিছে।

ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে টীয়ক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ লোক জনক আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মৃতদেহটো আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।