NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড,মাছ কটা দাৰে ডিঙি ৰেপি হত্যা এজনক

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী February 23, 2022 5:30 pm

সাতগাওঁৰ আমবাৰীত ঘটিছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।

দিন দুপৰতে মাছ কটা দাৰে ডিঙি ৰেপি হত্যা কৰিলে অৱসৰপ্ৰাপ্ত সেনা জোৱানক ।

মৃত লোকজন হৈছে সাতগাওঁ থানাৰ অন্তৰ্গত আমবাৰীৰ সুন্দৰ পথৰ বাসিন্দা তথা অৱসৰ প্ৰাপ্ত সেনা জোৱান ৰৌছান আলী ওৰফে চানা পাগলা।

পৰৰ স্ত্ৰীক ঘৰত সুমুৱাই ৰখাৰ বাবেই এই হত্যকাণ্ড ঘটা বুলি জানিব পৰা গৈছে।।

ৰৌছান আলীয়ে হাবিবুৰ ৰহমানৰ পত্নীক বিয়া কৰোৱাৰ উদ্দেশ্যে ঘৰত তিনি দিন ধৰি সুমুৱাই ৰখাৰ বাবেই হাবিবুৰ ৰহমানৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয় আৰু তাৰে পৰিণতিতে হত্যাকাণ্ডটো ঘটে।

আজি হাবিবুৰ ৰহমানে ৰৌচান আলীক পথৰ ওপৰতে আগুচি ধৰি দাৰে ডিঙি কাটি হত্যা কৰে ।

ইতিমধ্যে সাতগাওঁ আৰক্ষীয়ে মহিলা গৰাকীক আটক কৰিছে।

সাতগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰীক হাবিবুৰ ৰহমানকো ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হত্যাকাৰী হাবিবুৰ ৰহমানৰ বয়স ৩৫ বছৰ বুলি জানিব পৰা গৈছে।
সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে হত্যাকাৰী হাবিবুৰ ৰহমান।