NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ নামদাঙৰ চাহবাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক

July 20, 2021 6:01 pm · মানস প্রতীম গগৈ
বাঘৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন বিমল দহোটিয়া। ফটো: নৰ্থইষ্ট নাও।

মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলৰ এখন ব্যক্তিগত চাহবাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপাপ্ত হয় বিমল দহটীয়া(৩৫) নামৰ এজন ব্যক্তি।

বৰ্তমানে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিমল।

পুৱতি নিশা এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

লেখাপানী বন বিভাগৰ অধীনস্থ নামদাং এলেকাত বাঘৰ আক্ৰমণত এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ঘটনাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

পূৰ্বেও উক্ত অঞ্চলত বাঘে মানুহক আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে।

কাকপথাৰ নিবাসী তথা বিবাহিত বিমল দহটীয়াই নামদাং অঞ্চলৰ এখন ব্যক্তিগত চাহ বাগিচাত কৰ্মচাৰী হিচাপে আছিল।

Related News