NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল’লে লোকবাদ্য শিল্পী অভিজান গগৈৰ

July 4, 2019 10:24 pm · মানস প্ৰতিম গগৈ

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। আজি মাৰ্ঘেৰিটা মাকুমকিল্লা গাঁৱৰ উদীয়মান লোকবাদ্য শিল্পী, পেঁপা, গগনা, টোকাৰী আৰু ঢোলৰ নিৰ্মাতা তথা অঞ্চলটোৰ সাংস্কৃতিক যুৱ কৰ্মী অভিজান গগৈয়ে ডিব্ৰুগড়স্থিত এখন ব্যক্তিগত নাৰ্চিংহোমত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয়।

ঘটনাৰ বিৱৰণি মতে আজি মৃত্যুক আঁকোৱালি লোৱা অভিজান গগৈ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ২৪ জুনৰ পৰা চিকিৎসাধীন হৈ আছিল।

মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ কৰ্মচাৰী তথা উদীয়মান লোকবাদ্য শিল্পী অভিজান গগৈৰ অকাল মৃত্যুত  মাৰ্ঘেৰিটা সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ‌ পৰিছে।

গগৈৰ মৃত্যুত সদৌ অসম এথলেটিকছ সন্থাৰ সভাপতি তথা ছাত্ৰ ক্ৰীড়া যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাসহ কেইবাটাও দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত অভিজান পিতৃ-মাতৃ, পত্নী আৰু এগৰাকী জীয়ৰীক ইহ সংসাৰত এৰি থৈ যায়। ৰাজ্যখনত মহামাৰীৰ ৰূপ ধাৰণ কৰা জাপানী এনকেফেলাইটিছ ৰোগৰ বিৰুদ্ধে প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

Related News