NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ মিছাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

Posted by: বিদ্যুত জ্যোতি বৰা April 20, 2019 6:59 pm
angry-elephant-570x320

নগাঁও জিলাৰ মিছা কেলিডেন চাহ বাগানৰ কাষৰ ৰিজাৰ্ভত আজি বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷ বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকজনক নৰেশ ৰাজপুত (৩০) বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এলেকাধীন তথা মিছা আৰক্ষী চকীৰ অন্তৰ্গত কেলিডেন ৰিজাৰ্ভত আজি গৰু এৰাল দি ওভতি অহা অৱস্থাতে লক্ষীবস্তি নিবাসী নৰেশক হাবিৰ মাজত লুকাই থকা এটা বনৰীয়া হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰাত লোকজনৰ থিতাতে মৃত্যু হয় ৷

ঘটনাৰ খবৰ পাই পৰৱৰ্তী সময়ত শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন পালক প্ৰণৱ বৰা সহ বনৰক্ষীৰ এটা দল আৰু মিছা আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু নগাঁও অসামৰিক চিকিৎসালয়ত নি মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ পিছত পৰিয়ালৰ লোকক গতাই দিয়ে ৷

আনহাতে আক্ৰমণ সংঘটিত কৰি এজন লোকৰ প্ৰাণ লোৱা উক্ত হাতীটো সম্প্ৰতি হাবিৰ মাজতে অৱস্থান কৰি আছে বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে।