NORTHEAST NOW (Assamese)

প্ৰতিবাদৰ মাজতে গুৱাহাটীত নিৰুদ্দেশ হৈ আছে এজন লোক

December 15, 2019 2:41 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে চলি থকা প্ৰতিবাদৰ মাজতে ১১ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে এজন লোক। মহানগৰীৰ পৰা সন্ধানহীন হোৱা লোকজনক সনাতন তালুকদাৰ (৬৫) বুলি চিনাক্ত কৰা হৈছে।

নিৰুদ্দিষ্ট সনাতন তালুকদাৰ বৰপেটাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহৰি (ডেকাপাৰা)ৰ নিৱাসী। তালুকদাৰে ১১ ডিচেম্বৰৰ দিনা বৰপেটাৰ পৰা পুৱা ৮.৩০ বজাত নগাঁৱৰ বৰহমপুৰৰ আত্মীয়ৰ ঘৰলৈ বুলি আহিছিল।

আৰু ইয়াৰ পিছৰে পৰা তালুকদাৰ সন্ধানহীন হৈ আছে। বৰপেটাৰ পৰা গুৱাহাটীলৈকে তালুকদাৰে যাত্ৰা কৰা উইংগাৰৰ হেণ্ডিমেনে তেওঁক আদাবাৰীত নমাই দিয়া বুলি পৰিয়ালৰ লোকক জনায়।

ইফালে তালুকদাৰক বিচাৰি পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও তালুকদাৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল। পিছত পৰিয়ালৰ লোকে স্থানীয় তাৰাবাৰী থানাত বিষয়টো সন্দৰ্ভত এজাহাৰ দাখিল কৰে।

কোনো ব্যক্তিয়ে সনাতন তালুকদাৰৰ সন্ধান লাভ কৰিলে পৰিয়ালৰ লোকে ৯১০১১-২০৪৮৭, ৮৮৭৬৫-৭৬২৯৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Related News