NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ টংলাত ভয়াৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত মহিলা

Posted by: চাজিদ খান, ওদালগুৰি Updated by: চাজিদ খান, ওদালগুৰি April 19, 2022 6:42 am

মংগলদৈ-ভূটিয়াচাং পথত এখন তীব্ৰ বেগী ট্ৰাকে নিশা মহতিয়াই নিয়ে এগৰাকী স্কুটী আৰোহীক।

দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৰতনপুৰৰ পুজা ভাৱেল (২৬) নামৰ মহিলা গৰাকী।

টংলাত নিজৰ কাপোৰৰ দোকান বন্ধ কৰি ঘৰলৈ আহি থাকোতে ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত এইদৰে থিতাতে নিহত হয় মহিলাগৰাকী।

AS01FC3651 নম্বৰৰ ট্ৰাকখন ঘাগ্ৰাৰ পৰা বজাৰৰ মাল কঢিয়াই টংলা অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনাটো ঘটে।

ঘটনাস্থলীত উপস্থিত হৈ টংলা আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।

মৃত মহিলাগৰাকীৰ স্বামী মাধৱ ভাৱেল বুলি জানিব পৰা গৈছে।