NORTHEAST NOW (Assamese)

নিজৰ সম্পত্তিৰ এক তৃতীয়াংশ! কাক ৫০০ কোটি টকা দি গ’ল ৰতন টাটাই?

February 7, 2025 9:16 pm ·

ৰহস্যময় ব্যক্তিক ৫০০ কোটি টকা দি গ’ল ৰতন টাটাই। নিজৰ ইচ্ছা পত্ৰত এই সম্পত্তি দিয়াৰ কথা উল্লেখ কৰি গৈছে ৰতন টাটাই। এই টকা টাটাৰ মুঠ সম্পত্তিৰ প্ৰায় এক তৃতীয়াংশৰ সমান।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ৰতন টাটাই মোহিনী মোহন দত্ত নামৰ এজন ব্যক্তিক প্ৰায় ৫০০ কোটি টকাৰ সম্পত্তি দি গৈছে।

পেছাত ব্যৱসায়ী মোহিনী মোহন দত্ত জামছেদপুৰৰ বাসিন্দা। জনা যায় যে ১৯৬০ চনৰ একেবাৰে আৰম্ভণিতে তেওঁ জামছেদপুৰৰ ডিলাৰ্ছ হোষ্টেলত ৰতন টাটাক প্ৰথম লগ পাইছিল। সেই সময়ত ৰতন টাটাৰ বয়স আছিল মাত্ৰ ২৪ বছৰ। তেতিয়াৰ পৰাই দুয়োৰে মাজত গভীৰ বন্ধুত্ব গঢ় লৈ উঠিছিল।

পূৰ্বে মোহিনীৰ পৰিয়ালৰ ষ্টেলিয়ন নামৰ ট্ৰেভেল এজেন্সী আছিল। অৱশ্যে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তাজ গ্ৰুপত। ষ্টেলিয়নৰ ৮০ শতাংশ দত্ত পৰিয়ালৰ আৰু বাকী ২০ শতাংশ টাটা গোটৰ আছিল। পিছলৈ টাটাৰ পৰামৰ্শ মতে মোহিনী মোহন দত্তৰ ব্যৱসায় সাংঘাটিক বৃদ্ধি পালে। পিছলৈ ই দেশৰ অন্যতম বৃহৎ ট্ৰেভেল এজেন্সী হিচাপে পৰিগণিত হয়।

জানিব পৰা মতে, ৰতন টাটাৰ ব্যক্তিগত সংগ্ৰহৰ ঘড়ী আৰু ছবিৰ দৰে সামগ্ৰীকে ধৰি প্ৰায় ৩৫০ কোটি টকাৰ বেংকৰ জমা ধন মোহিনীয়ে লাভ কৰিব পাৰে।

Related News