NORTHEAST NOW (Assamese)
অসম

দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন যুৱক

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 5, 2021 6:48 am
WhatsApp-Image-2021-01-19-at-8.59.32-AM-750x375-1-1

দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শান্তিপুৰৰ সমীপত বুধবাৰে সন্ধিয়া এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত এজন যুৱক নিহত হয়।

তীব্ৰবেগে অহা এখন 407 বাহনে নিয়ন্ত্ৰন হেৰুৱাই দেৰগাঁৱৰ হাঁহচ’ৰা গাঁৱৰ মানসজ্যোতি দাস(১৭) নামৰ যুৱকজনক খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় যুৱকজন।

দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS -05- B.5336, l

উক্ত দুৰ্ঘটনাস্থলীত দেৰগাঁৱৰ আৰক্ষী থানাৰ যান-বাহন আৰক্ষী বিষয়া ততাতয়াকৈ আহি উপস্থিত হয় আৰু আঘাতপ্ৰাপ্ত যুৱক জনক দেৰগাঁও সামূহিক চিকিৎসালৈ প্ৰেৰণ কৰে যদিও আঘাতপ্ৰাপ্ত যুৱকজন চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

আনহাতে, দুৰ্ঘটনাত পতিত হোৱা বাহনৰ চালকজনক দেৰগাঁও আৰক্ষীয়ে আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে।