NORTHEAST NOW (Assamese)
অসম

অ’ এন জি চিৰ শিৰত পাব্লিক চেক্টৰ ফুটবল টুৰ্ণামেন্টৰ খিতাপ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক February 26, 2019 9:01 pm

অল ইণ্ডিয়া পাব্লিক চেক্টৰ ফুটবল টুৰ্ণামেন্ট ২০১৯ৰ মঙলবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এল জি চি) দলটো বিজয়ী হয়।

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ২১ ফেব্ৰুৱাৰিৰ পৰা চলি থকা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত অ’ এন জি চিয়ে আয়োজক দল ভাৰতীয় খাদ্য নিগম (এফ চি আই)ক ২-০ গলত পৰাজিত কৰি চলিত বৰ্ষৰ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

খেলখন আৰম্ভ হোৱাৰ দুই মিনিটতে অ’ এন জি চিৰ হৈ লালমুৱা পুইয়াই প্ৰথমটো গল দিয়ে। দ্বিতীয়াৰ্ধৰ ৭২ মিনিটত আৰিফ শ্বেইখে আনটো গ’ল কৰি দলৰ জয়ৰ ব্যাৱধান ২-০ লৈ উন্নীত কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দুয়োটা দলে আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰিলেও এফ চি আয়ে গ’ল কৰিবলৈ সক্ষম নহ’ল।

বঁটা বিতৰণী অনুষ্ঠানত ভাৰতীয় খাদ্য নিগমৰ উত্তৰ-পূব মণ্ডলৰ কাৰ্যবাহী সঞ্চালক এ কে সিনহাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজয়ী দলৰ উপৰিও প্ৰতিযোগিতাখনত অংশ লোৱা প্ৰতিটো দলৰ খেলুৱৈসকলক অভিনন্দন জনায়। সামৰণি অনুষ্ঠানটোত এফ চি আইৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য প্ৰৱন্ধক এম কে গগৈয়ো উপস্থিত থাকে।

ভাৰতীয় খাদ্য নিগমৰ উদ্যোগত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমুহৰ মাজৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা খনত মুঠ ১২ টা দলে অংশ লৈছিল। আটাইকেইটা দলৰ প্ৰতিযোগীসকলৰ মাজত বহুকেইগৰাকী দেশৰ আগশাৰীৰ ফুটবলাৰো আছিল।