NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে অসম আৰক্ষীৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অনলাইন আবেদন

Posted by: এন ই নাও নিউজ January 3, 2019 1:14 pm
আজিৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে অসম আৰক্ষীৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অনলাইন আবেদন

আজিৰে পৰা ৰাজ্য চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগত ৰাজ্যৰ বিশেষভাৱে সক্ষম নিৱনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে অনুষ্ঠিত হৈছে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অনলাইন আবেদন। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড, অসমে পাতিবলগীয়া এই বিশেষ নিযুক্তি প্ৰক্ৰিয়াত আবেদনৰ বাবে নিৰ্দিষ্ট বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলে www.assampolice.gov.in শীৰ্ষক ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব।

প্ৰথম পৰ্যায়ত ৩৭ টা চৰকাৰী বিভাগত বিশেষভাৱে সক্ষমৰ বাবে সংৰক্ষিত হৈ থকা সৰ্বমুঠ ৭৫৬ টা তৃতীয়, চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিয়া হ’ব। এই পদকেইটাৰ ভিতৰত ৩৩০ টা তৃতীয় বৰ্গৰ হোৱাৰ লগতে ৪৩৭ টা চতুৰ্থ বৰ্গৰ।

আগ্ৰহী প্ৰাৰ্থীয়ে আবেদন কৰিব পৰাকৈ অসম আৰক্ষীৰ তৰফৰ পৰা প্ৰত্যেক জিলাৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত একোটাকৈ সেৱা কেন্দ্ৰও অহা ৩১ জানুৱাৰীলৈকে মুকলি কৰা হৈছে। এই কথা ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এই বিশেষ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি যোৱা ৩১ ডিচেম্বৰত বিজ্ঞাপন প্ৰকাশ কৰিছিল।