NORTHEAST NOW (Assamese)

Chessসদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা

June 26, 2022 4:19 pm · এন ই নাও নিউজ,গুৱাহাটী

২৯ আৰু ৩০ জুন, ২০২২ তাৰিখে সদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯ বছৰ অনলাইন দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব।

এই প্ৰতিযোগিতাত খেলুৱৈ সকলে নিজ নিজ জিলাৰ যোগেদি ২৮ জুনৰ ভিতৰত যোগদান নিশ্চিত কৰিব লাগিব।

এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯ বছৰ ৰাষ্ট্ৰীয় দবালৈ অসম দল বাছনি কৰা হব।

বিতং জানিবলৈ ৰবিকান্ত তিৱাৰীৰ সৈতে +91 80117 27200 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে সদৌ অসম দবা সন্থাৰ যুটীয়া সম্পাদক প্ৰণৱ কুমাৰ নাথে।

 

Related News