NORTHEAST NOW (Assamese)
Popular Stories

১৬ মাৰ্চৰ পৰা নিস্ক্ৰিয় হ’ব অনলাইন লেনদেন নকৰা ডেবিট/ ক্ৰেডিট কাৰ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 10, 2020 2:33 pm
debit-cards

অহা ১৬ মাৰ্চৰ পৰা নিস্ক্ৰিয় হৈ পৰিব লাখ-লাখ ডেবিট আৰু ক্ৰেডিট কাৰ্ড। ইয়াৰ পিছৰে পৰা এই কাৰ্ডসমূহৰ জৰিয়তে কোনোধৰণৰ অনলাইন লেনদেন কৰিব নোৱাৰিব।

এতিয়া সকলোৰে মনত এটা প্ৰশ্নৰ উদয় হৈছে যে কিয় এই কাৰ্ডসমূহ নিস্ক্ৰিয় কৰিব বিচাৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া নিয়ম অনুসৰি যি বিলাক ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ জৰিয়তে অনলাইন লেনদেন কেতিয়াও হোৱা নাই সেই কাৰ্ডসমূহ ১৬ মাৰ্চৰ পৰা নিস্ক্ৰিয় হৈ পৰিব।

এই নিৰ্দেশনা পেমেণ্ট এণ্ড চেটেলমেণ্ট চিষ্টেমছ এক্ট ২০০৭ৰ ধাৰা ১০(২)ৰ অধীনত জাৰি কৰা হৈছে।

যদি আপুনি এই পৰ্যন্ত ক্ৰেডিট বা ডেবিট কাৰ্ডেৰে অনলাইন লেনদেন কৰা নাই তেন্তে ১৬ মাৰ্চৰ ভিতৰত যিকোনো অনলাইন লেনদেন কৰক, অন্যথা আপোনাৰ ক্ৰেডিট বা ডেবিট কাৰ্ডখন নিস্ক্ৰিয় হৈ পৰিব।

অনলাইন লেন দেনৰ কেইটামান উদাহৰণ- অনলাইন যোগে গ্লোছাৰি কিনা, ডেবিট/ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি মোবাইল ৱালেট(পেটিএম, ফোনপে আদি)ত পেমেণ্ট কৰা, অনলাইন শ্বপিং, ট্ৰেইন টিকট, চিনেমা টিকট বুকিং আদি।

পেট্ৰ’ল, ডিজেল আদিৰ দৰে অন্য সামগ্ৰী ক্ৰয় কৰোতে ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰাতো অনলাইন লেনদেন বুলি ধৰা নহয়।

কাৰ্ডৰ অপব্যৱহাৰ হোৱাৰ পৰা ৰক্ষা কৰা আৰু অনলাইন লেনদেনৰ প্ৰতি গ্ৰাহকসকলক উৎসাহিত কৰাৰ স্বাৰ্থতেই ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিন্তু অন্যধৰণৰ লেনদেন চলি থাকিব। উদাহৰণ হিচাপে- বিপণীত বস্তু ক্ৰয়, পেট্ৰ’ল পাম্প আদি।

উল্লেখ্য যে ভাৰতত এনে বহু লোক আছে যিয়ে আজি পৰ্যন্ত নিজৰ নিজৰ ডেবিট বা ক্ৰেডিট কাৰ্ডখন অনলাইন লেনদেনত ব্যৱহাৰ কৰা নাই।