NORTHEAST NOW (Assamese)
Popular Stories

অসমত প্ৰতি ১০লাখ লোকৰ বিপৰীতে মাত্ৰ ৯৭ গৰাকীৰহে COVID19 পৰীক্ষা হৈছে : অসম সংগ্ৰামী মঞ্চ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 18, 2020 3:22 pm

অসমত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ৯৭ গৰাকী ব্যক্তিৰহে COVID19 পৰীক্ষা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সংগ্ৰামী মঞ্চই।

মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্য্যকৰী সভাপতি অদীপ ফুকনে নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত কয়, ‘অসমত অতি নগণ্য সংখ্যক লোককহে এতিয়ালৈকে ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰীক্ষা কৰিছে। অসমৰ ১০ লাখ লোকৰ ভিতৰত মাত্ৰ ৯৭ জনৰ অৰ্থাৎ ৩ কোটি ৫০ লাখ লোকৰ ভিতৰত মাত্ৰ ৩,৬১৩ জনৰহে পৰীক্ষা কৰা হৈছে। এনেক্ষেত্ৰত এই মাৰাত্মক ভাইৰাছৰ ভয়াৱহতা প্ৰতিৰোধ কৰা নিশ্চয় সম্ভৱ নহয়।‘

তেওঁলোকে লগতে কয়, ‘অসম চৰকাৰে ৩৪ জন লোক আক্ৰান্ত হোৱাৰ সম্ভেদ পোৱাৰ পিছত সেইসকলৰ সংৰ্স্পশলৈ অহা সকলকহে আৰু ৰাজ্যৰ বাহিৰৰ পৰা অহা কিছু সংখ্যক লোকক পৰীক্ষা কৰিছে।‘

ইপিনে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টি আকৰ্ষণ কৰি নেতাদ্বয়ে কয় ‘ক’ৰ’না ভাইৰাছৰ ক্ষেত্ৰত অসমত অধিক লোকক পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ৰ অশোক ভূষন আৰু ৰবিন্দ্ৰ এচ ভাটৰ খণ্ড বিচাৰপীঠে ৪ এপ্ৰিলত দিয়া ৰায়ত কেন্দ্ৰীয় চৰকাৰক COVID19 ৰ প্ৰসঙ্গত বিনামূলীয়াভাৱ অধিক পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।‘

ইয়াৰোপৰি, নেতাদ্বয়ে অন্য ৰাজ্যৰ তথ্য দাঙি ধৰি কয়, ‘মুঠ জনসংখ্যাৰ ১০ লাখৰ ভিতৰত দিল্লীত ৮৩০ জনৰ, কেৰালাত ৫০০ জনৰ, ৰাজস্থানত ৫৫০ জনৰ, মহাৰাষ্ট্ৰত ৪২৫ জনৰ, তামিলনাডুত ৩১০ জনৰ, গুজৰাটত ২৬৫ জনৰহে পৰীক্ষা কৰোৱা হৈছে।‘

তেওঁলোকে কয় যে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজখনত চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনিৰ সমান্তৰালকৈ ব্যাপক হাৰত লোকক পৰীক্ষা কৰোৱাতো গুৰুত্বপূৰ্ণ। সেয়ে চৰকাৰে ইতিমধ্যে চিনাক্ত কৰা অঞ্চলসমূহত ব্যাপক হাৰত COVID19 ৰ পৰীক্ষা কৰিবলৈ সংগ্ৰামী মঞ্চই মুখ্য মন্ত্ৰী সোণোৱালক আহ্বান জনায়।