NORTHEAST NOW (Assamese)
অসম

দুপালি ভেকচিন লোৱা ভকতৰ বাবে মুকলি থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ দ্বাৰ

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ February 9, 2022 2:32 pm

দুপালি ভেকচিন লোৱা ভকত বৈষ্ণৱৰ বাবে মুকলি থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিৱেশনৰ দ্বাৰ। কাৰ্যত ১৫ ফেব্ৰুৱাৰীৰ পৰা কভিড নীতিৰ শিথিলতাৰ পিছত কোনো ধৰণৰ নিষেধ্যাজ্ঞা নথকাৰ হেতুকে এই কথা স্পষ্ট কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই।

আজি বিশ্বনাথত শংকৰদেৱ সংঘৰ সংগী তথা সাংবাদিক ভাস্কৰ বৰাৰ বাসগৃহত উপস্হিত হৈ শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক জনে এইবাৰৰ অধিৱেশনত কেইবালক্ষ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহন কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি প্ৰধান সম্পাদক জনৰ মতে বহিঃৰাজ্যৰ নাছিক, কলকাতা, পুৰী আদিৰ বৈষ্ণৱ সকলে অধিৱেশণৰ বাবে ইতিমধ্যে যোগাযোগ কৰাৰ কথাও প্ৰকাশ কৰে।

ডিব্ৰুগড়বাসীৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত দুই বছৰ বিৰতিৰ মুৰত এইবাৰৰ অধিৱেশন দ্বিতীয় বৈষ্ণৱ পুৰীত পৰিণত হ’ব বুলি প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে দুপালী ভেকচিন গ্ৰহনকাৰী ব্যক্তিৰ বাবে কভিড শিথিলতা প্ৰত্যাহাৰ কৰাৰ পিছত বৈষ্ণৱ ভকতৰ বাবে এই অধিৱেশনত জনাসমাগম বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত।

ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে লাখ লাখ ভক্ত প্ৰাণ ৰাইজ। উল্লেখ্য যে আজি বিশ্বনাথৰ লেহুগাঁৱৰ কেশৱ বৰা আৰু ভাস্কৰ বৰাৰ বাসগৃহত অনুষ্ঠিত প্ৰয়াত বিমলা বৰাৰ একাদশ দিৱসত উপস্হিত থাকি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই।

এই অনুষ্ঠানতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ জিলা সমিতি, আঞ্চলিক সমিতি, বিষ্ণুপুৰ প্ৰাথমিক, শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতি, লেহুগাঁও ৰাস সমিতি আদিয়ে সম্বৰ্ধনা জনায়।