NORTHEAST NOW (Assamese)
দেশ

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 26, 2025 9:47 am

ধৰ্মীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে এক বৃহৎ অভিযানত উত্তৰাখণ্ড কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশত যোৱা মাহত আৰম্ভ কৰা ‘অপাৰেচন কালানেমী’ৰ অধীনত সাধুৰ ৰূপ লোৱা ৩০০ৰো অধিক ভণ্ড ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। এই অভিযানত ভক্তক প্ৰতাৰণা কৰি সনাতন ধৰ্মৰ আৱেগকলৈ শোষণ কৰা আৰু তেওঁলোকৰ পৰিচয় লুকুৱাই ৰখা লোকসকলক লক্ষ্য কৰি লোৱা হৈছে, এতিয়ালৈকে ৰাজ্যজুৰি ৪ হাজাৰৰো অধিক লোকৰ পৰীক্ষণ হৈছে।

হৰিদ্বাৰৰ দৰে গুৰুত্বপূৰ্ণ জিলাসমূহত ২,৩০১টা পৰীক্ষণ আৰু ১৬২টা গ্ৰেপ্তাৰ, ডেৰাডুনত ৮৬৫টা অভিযান চোলোৱৰ বাতৰি পোৱা গৈছে। এই অভিযানত ১১৩ জন আটক, আৰু উধম সিং নগৰৰ ১৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে এই অভিযানৰ নাম লোৱা হৈছে পৌৰাণিক অসুৰ কালানেমীৰ পৰা, যিয়ে ৰামায়ণ আৰু মহাভাৰতৰ দৰে হিন্দু মহাকাব্যত সন্তৰ বেশত আনক প্ৰতাৰণা কৰিছিল, যিটো চৰকাৰে অনুৰূপ ভণ্ডক উন্মোচন কৰাৰ সংকল্পৰ প্ৰতীক হিচপে গ্ৰহণ কৰিছে।

শেহতীয়া কৈ হৰিদ্বাৰত যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগত ভুৱা ‘তান্ত্ৰিক’ আৰু নাবালকক অপহৰণ আৰু আক্ৰমণৰ লগত জড়িত আন এজনৰ ওপৰতো গোচৰ ৰুজুকৰা হৈছে।