NORTHEAST NOW (Assamese)
দেশ

৯ টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস, প্ৰায় ৭০ জনৰ মৃত্যু! অপাৰেচন সেন্দূৰৰ সংবাদমেলত দুগৰাকী মহিলা কামাণ্ডাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2025 2:14 pm

৭ মে’ত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মিৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে শক্তিশালী সামৰিক আক্ৰমণ চলায়। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে মাত্ৰ ২৫ মিনিটতে ২৪টা নিখুঁত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত ঘাটিসমূহক লক্ষ্য কৰি লৈছিল। প্ৰায় ৭০ জনতকৈ অধিক সন্ত্ৰাসবাদী নিহত হয়, আৰু ৬০ জনতকৈ অধিক আহত হয় বুলি জানিব পৰা গৈছে।

পাকিস্তানৰ সামৰিক স্থান এৰাই চলি সাধাৰণ লোকৰ ক্ষতি কম কৰিবলৈ এই আক্ৰমণৰ সযতনে পৰিকল্পনা কৰা হৈছিল বুলি উল্লেখ কৰিছে। এছ চি এল পি মিছাইল আৰু হামাৰ বোমাৰ দৰে উন্নত অস্ত্ৰ ব্যৱহাৰ কৰি ভাৰতীয় বায়ুসেনা, নৌসেনা আৰু স্থল সেনাৰ যৌথ অভিযানত সেনাবাহাৱালপুৰ আৰু মুৰিডকেকে ধৰি গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদী স্থানসমূহত আঘাত কৰে। কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙ নামৰ দুগৰাকী মহিলা বিষয়াই সংবাদমেলত অভিযানৰ সফলতাৰ সবিশেষ তথ্য প্ৰকাশৰ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় সংকল্পৰ ওপৰত আলোকপাত কৰে।

অপাৰেচন সিন্দুৰে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিলে- ভাৰতে সন্ত্ৰাসবাদ সহ্য নকৰে। এই আক্ৰমণৰ ফলত ভাৰতৰ মাটিত আক্ৰমণৰ পৰিকল্পনাৰ বাবে দায়বদ্ধ সন্ত্ৰাসবাদী গোটক উৎখাত কৰিবলৈ সক্ষম হয়। পাকিস্তানে সাধাৰণ জনতাৰ মৃত্যুৰ খবৰ দিয়াৰ লগতে এই আক্ৰমণক যুদ্ধ বুলি অভিহিত কৰাৰ বিপৰীতে ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় বুলি নিজ পক্ষ ৰাখিছে। পেহেলগাম আক্ৰমণৰ বলি হোৱা লোকসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে “সেন্দূৰ” নামেৰে এই অভিযানক ন্যায় আৰু শান্তি সুনিশ্চিত কৰাৰ এক সাহসী পদক্ষেপ বুলি ভাৰতে উল্লেখ কৰিছে।