NORTHEAST NOW (Assamese)
অসম

বেংকত চাকৰিৰ সুযোগ: ১২,০০০ ক্লাৰ্কৰ পদত নিযুক্তিৰ বাবে আবেদন আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 8, 2019 10:45 am
SBI-Recruitment-2018-750x430-750x375

ইণ্ডিয়ান বেংকিং পাৰ্ছনেল ছিলেকশ্যন (IBPS)য়ে ক্লাৰ্কৰ পদৰ বাবে আবেদন বিচাৰিছে। ইয়াৰ জৰিয়তে বিভিন্ন বেংকত খালী হৈ থকা ১২০৭৫টা পদত নিযুক্তি দিয়া হ’ব।

যিসকল প্ৰাৰ্থীয়ে বেংকিং ক্ষেত্ৰত নিজৰ কেৰিয়াৰ বনাব বিচাৰে তেওঁলোকে শীঘ্ৰেই এই পদৰ বাবে আবেদন কৰক।

জানি থওক যে আবেদনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ ৯ অক্টোবৰ।

আবেদন সম্পৰ্কীয় সৱিশেষ চাওকঃ

গুৰুত্বপূৰ্ণ তাৰিখঃ

আবেদন কৰাৰ অন্তিম তাৰিখ-৯ অক্টোবৰ ২০১৯

মাছুল জমা দিয়াৰ তাৰিখ-৯ অক্টোবৰ ২০১৯

প্ৰাৰম্ভিক পৰীক্ষাৰ তাৰিখ- ৭,৮,১৪ আৰু ২১ ডিচেম্বৰ ২০১৯

চূড়ান্ত পৰীক্ষাৰ তাৰিখ-১৯ জানুৱাৰি ২০২০

যোগ্যতাৰ সৱিশেষঃ

কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতকসকলে এই পদত আবেদন কৰিব পাৰিব। পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থী ১-০৯-২০১৯’ত বয়স ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে নিয়ম অনুযায়ী বয়সৰ সীমা ৰেহাই দিয়া হৈছে।

আবেদন মাছুল কিমানঃ

সাধাৰণ আৰু অন্যান্য পাছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাছুল ৬০০ টকা। আনহাতে, অনুসূচীত জাতি/অনুসূচীত জনজাতি/ দিব্যাংগৰ বাবে মাছুল ১০০ টকা। মাছুল ডেবিট, ক্ৰেডিট. য়ুপিআই,নেট বেংকিঙৰ মাধ্যমেৰে কৰিব পাৰে।

কেনে হ’ব নিযুক্তি প্ৰক্ৰিয়াঃ

আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে ibps.in যাব লাগিব। প্ৰাৰ্থীসকলৰ নিযুক্তি অনলাইন পৰীক্ষাৰ আধাৰত কৰা হ’ব।

পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথমতে প্ৰাৰম্ভিক আৰু তাৰ পাছত মুখ্য পৰীক্ষা।

নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থীসকলৰ পে’ স্কেল হ’ব ৭২০০-১৯৩০০ টকা।