NORTHEAST NOW (Assamese)
অসম

জাতিধ্বংসী বিধেয়কৰ সমৰ্থনত এইবাৰ শিলচৰস্থিত ‘অসম বিশ্ববিদ্যালয়’ত প্ৰতিবাদ

Posted by: অপৰ্ণা লস্কৰ January 11, 2019 10:45 am
Assam-University-students-

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায়বোৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন, ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা পোৱা গ’ল শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীসকলৰ মাজত।

১০ জানুৱাৰি বৃহস্পতিবাৰে সন্ধিয়া বিধেয়কখনৰ পূৰ্ণ সমৰ্থন আগবঢ়াই হাতে হাতে প্লে কাৰ্ড লৈ ব্যাপক ৰূপত ওলাই আহিল বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক তথা কৰ্মচাৰী সমাজ।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ৯ জানুৱাৰি বুধবাৰে সন্ধিয়া অসম বিশ্ববিদ্যালয়ৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ ঠিক এদিন পিছতেই বিশ্ববিদ্যালয়খনৰ স্থানীয় ছাত্ৰ-ছাত্ৰীয়ে বিধেয়কখনৰ সমৰ্থনত এনেদৰে ওলাই অহা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে সন্ধিয়া ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-কৰ্মচাৰীসকলে অসম বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত একত্ৰতি হৈ বিধেয়কখনৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

‘আমি ভাৰতীয় তথা বেংগলী হিচাপে গৰ্বিত’, ‘আমি আমাৰ ভাষাক লৈ গৰ্বিত’, ‘আমি উগ্ৰজাতীয়তাবাদক নিন্দা কৰিছো’ আদি বেংগলী ভাষাত লিখা বিভিন্ন প্লে কাৰ্ডেৰে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পূৰ্ণ সমৰ্থন কৰা দেখা যায়।

‘বিশ্ববিদ্যালয়খন জাতীয়তাবাদৰ লেতেৰা ৰাজনীতিৰ বাবে নহয়। বৰাক উপত্যকাৰ বাসিন্দাই ধাৰাবাহিক আন্দোলন আৰু বিভিন্ন ঘাত-প্ৰতিঘাতৰ অন্তত এই বিশ্ববিদ্যালয়খন লাভ কৰিছে। ব্যক্তিগতভাৱে মই বিধেয়খখনৰ সমৰ্থন কৰো’। এইদৰে কয় অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক দেবপ্ৰতিম সাহাই।

সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সংগঠনৰ সহযোগত বিধেয়কখনৰ সমৰ্থনত ওলাই অহা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বেংগলী ভাষা জীয়াই ৰখাৰ স্বাৰ্থত ১৯৬১ চনত চহিদ হোৱা ১১জন লোকৰ বলিদানৰ কথা সোঁৱৰণ কৰি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়।

Students of Assam University hold placards all written in Bengali on Thursday evening for support of Citizens Amendment Bill
ফটো : নৰ্থ-ইষ্ট নাও

অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি মিলন দাসে বিধেয়ক প্ৰসংগত নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘বিধেয়কখনৰ সমৰ্থনত আজি আমি সকলো একগোট হৈছো। ইতিমধ্যে এই বিধেয়কখন লোকসভাত গৃহীত হৈছে আৰু এতিয়া ৰাজ্যসভাতো বিধেয়কখন গৃহীত হোৱাতো বিচাৰো। মই তীব্ৰ ভাষাৰে গৰিহনা দিছো যিয়ে এই বিধেয়কখনৰ বিৰোধিতাত বুধবাৰে বিশ্ববিদ্যালয়ৰ গেইটত প্ৰতিবাদ সাব্যস্ত কৰিছিল’।

আনহাতে বুধবাৰে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ দীপাংকৰ ডেকা নামৰ এজন ছাত্ৰই মুখ্য গেইটত প্ৰতিবাদ সাব্যস্ত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে তেওঁ আমাৰ আগত কয়, ‘অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়া লোকৰ বাবে ভাবুকি স্বৰূপ এই বিধেয়কখন গৃহীত কৰিবলৈ উঠি পৰি লগা অসম তথা কেন্দ্ৰীয় নেতৃত্বাধীন দুয়োখন বিজেপি চৰকাৰকে ধিক্কাৰ দিছো’।

‘এই বিধেয়কখন আইনত পৰিণত হ’লে উত্তৰ-পূবৰ লোকে খিলঞ্জীয়াৰ অধিকাৰ হেৰুৱাই পেলাব। বৰাকত থাকি আমি এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছো’। এইদৰে কয় দীপাংকৰ ডেকাই।