NORTHEAST NOW (Assamese)
অসম

হঠাৎ যুদ্ধবিৰতি! ‘সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি ব্যাখ্যা দিয়ক’, মোডীক দাবী জনালে বিৰোধীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2025 9:04 am

কেইবাদিনো ধৰি উত্তেজনাৰ অন্তত হঠাৎ যুদ্ধবিৰতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবী অনুসৰি ভাৰতে আমেৰিকাৰ মধ্যস্থতাত পাকিস্তানৰ বিৰুদ্ধে সংঘাত বন্ধ কৰিবলৈ সন্মত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও আনুষ্ঠানিকভাৱে এই যুদ্ধবিৰতি ঘোষণা কৰিছে।

চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ পাছতো এতিয়া বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছে কয় যে পেহেলগাম আক্ৰমণৰ পৰা আৰম্ভ কৰি যুদ্ধবিৰতি চুক্তিলৈকে কি হ’ল আৰু কিয় হ’ল সেয়া চৰকাৰে ব্যাখ্যা দিব লাগিব। তাৰবাবে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰা উচিত।

কেন্দ্ৰই যুদ্ধবিৰতি ঘোষণা কৰাৰ কিছু সময়ৰ পাছতেই কংগ্ৰেছৰ প্ৰচাৰৰ বিভাগৰ মুৰব্বী জয়ৰাম ৰমেশে এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত দুটা দাবী উত্থাপন কৰিলে।

ৰমেশে কয়, “ৱাশ্বিংটন ডি চিৰ পৰা অভূতপূৰ্ব ঘোষণাৰ পিছত এতিয়া দুটা কথা আটাইতকৈ প্ৰয়োজনীয়। এটা, প্ৰধানমন্ত্ৰীয়ে নিজে সৰ্বদলীয় বৈঠক মাতিব লাগে। আৰু সকলো ৰাজনৈতিক দলকে সমগ্ৰ বিষয়টোৰ বিষয়ে অৱগত কৰা উচিত। দুই, যোৱা ১৮ দিনত যি হৈছে, সকলো ঠিক যিদৰে ঘটিছে জনাব লাগে। চৰকাৰে আমাক জনাই দিব লাগে যে পেহেলগামৰ নিৰ্মম আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে কি ঘটিছিল।”

ইয়াততেই শেষ হোৱা নাই, কংগ্ৰেছে ইন্দিৰা গান্ধীৰ আমোলত পাকিস্তানী সেনাৰ আত্মসমৰ্পণৰ আৰু আমেৰিকাৰ ৰঙাচকুক উপেক্ষা কৰি যুদ্ধ অব্যাহত ৰখাৰ ভিডিঅ’ পোষ্ট কৰি দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি ভেনুগোপালে কয় যে, “আজি ভাৰতে ইন্দিৰা গান্ধীৰ দৰে নেতাক বহুত মিছ কৰিছে।”

কংগ্ৰেছৰ এই দাবীক সমৰ্থন কৰে আৰজেডিয়ে। তেজস্বী যাদৱেও কয় যে পেহেলগাম আক্ৰমণৰ পিছত যোৱা ১৮ দিনত কি কি ঘটনা ঘটিছে, তাৰ পিছত হঠাতে যুদ্ধবিৰতি কিয় ঘোষণা কৰা হ’ল, চৰকাৰে সকলোবোৰ ৰাজহুৱাভাৱে প্ৰকাশ কৰিব লাগে। অৱশ্যে প্ৰায়বোৰ বিৰোধী দলে যুদ্ধবিৰতিক আদৰণি জনাইছে। চিপিএমৰ মতে, “দুয়োখন দেশৰ জনসাধাৰণক শান্তিৰ প্ৰয়োজন। আমি এই শান্তি প্ৰক্ৰিয়াক আদৰণি জনাইছো।”

উল্লেখ্য যে আমেৰিকাই দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো পাকিস্তানে এই চুক্তি উলংঘা কৰি গুলীচালনা কৰিছে। স্বাভাৱিকতে পাকিস্তানৰ সদিচ্ছাক লৈ নতুন নতুন প্ৰশ্ন উত্থাপন হৈছে। ভাৰতে অৱশ্যে যুদ্ধবিৰতিৰ মাজতো সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব বুলি কৈছে। চৰকাৰৰ এই স্থিতিক আদৰণি জনাইছে বিৰোধী শিবিৰে।