NORTHEAST NOW (Assamese)
অসম

নিয়ম উলংঘা কৰি সীমান্তত ‘বন্ধু’ আদানীক মাটি ‘উপহাৰ’ দিছে মোডীয়ে; সৰৱ বিৰোধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 13, 2025 5:07 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘বন্ধু’ গৌতম আদানীক সুবিধা প্ৰদান কৰাৰ নতুন অভিযোগ উত্থাপন হৈছে। আদানী গ্ৰুপে পাকিস্তান সীমান্তৰ সমীপত সৌৰ আৰু বায়ু শক্তি প্ৰকল্পৰ কাম কৰি আছে।

অভিযোগ অনুসৰি সীমান্তৰ কাষৰ স্পৰ্শকাতৰ অঞ্চল হোৱাৰ পিছতো এই প্ৰকল্পৰ বাবে নিৰাপত্তাৰ নিয়ম শিথিল কৰা হৈছে। বিদেশৰ বাতৰি কাকতত এই সন্দৰ্ভত খবৰ প্ৰকাশ পোৱাৰ লগে লগে কংগ্ৰেছে কণ্ঠস্বৰত পৰিল।

গুজৰাটৰ কচ্ছত পাকিস্তান সীমান্তৰ পৰা একৰ পৰা দুই কিলোমিটাৰৰ ভিতৰত এই অঞ্চল। বিদেশী কাকতৰ বাতৰি অনুসৰি আদানী গ্ৰুপে বায়ুশক্তি পাম আৰু সৌৰ শক্তি উৎপাদন পেনেল স্থাপনৰ বাবে ৪৪৫ বৰ্গ কিলোমিটাৰ মাটি অধিগ্ৰহণ কৰিছে।

কিন্তু গুজৰাট চৰকাৰে সৌৰ আৰু বায়ু শক্তি উৎপাদনৰ বাবে চৰকাৰী ছ’লাৰ এনাৰ্জি কৰ্পোৰেশ্যনক মাটি আবণ্টন দিছিল। ইয়াৰ বাবে স্পৰ্শকাতৰ ক্ষেত্ৰত কেইবাটাও নিয়মো সলনি কৰা হৈছিল। এতিয়া কেন্দ্ৰৰ নিৰ্দেশত এনাৰ্জি কৰ্পোৰেশ্যনে গুজৰাট চৰকাৰক ভূমি ঘূৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে সেই মাটি আদানীৰ হাতত গতাই দিয়া হয়।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে একেলগে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই বিষয়ক লৈ তীব্ৰ সমালোচনা কৰিছে। তেওঁ মন্তব্য কৰি কয় যে দেশৰ সকলো সম্পদ প্ৰধানমন্ত্ৰীৰ বন্ধুৰ হাতত গতাই দিয়াৰ প্ৰক্ৰিয়াটো ইমানেই চৰম সীমাত উপনীত হৈছে যে সীমান্ত সুৰক্ষাৰ নিয়মবোৰো সলনি কৰা হৈছে!

কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও সীমান্ত সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই পৰ্যন্ত এই বিষয়ত বিজেপিৰ কোনো সঁহাৰি দেখা নাই।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ হোৱাৰ সূত্ৰে গৌতম আদানিক দেশৰ বিভিন্ন ঠাইত প্ৰকল্পৰ বাবে ভূমি আৱন্টন দিয়া হয়। আনকি গুৱাহাটীৰ লংকেশ্বৰ অঞ্চলতো টাৱাৰ নিৰ্মাণৰ বাবে আদানীক ভূমি আৱন্টন দিয়াৰ গুণাগঁথা চলি থকাৰ কথা জানিব পৰা গৈছে।