বিজেপিক প্ৰতিহত কৰিবলৈ কঁকালত টঙালি বান্ধিছে বিৰোধী ঐক্যমঞ্চই
লক্ষ্য কেৱল বিজেপিক ৰোধ। সেই লক্ষ্য আগত ৰাখিয়েই কঁকালত টঙালি বান্ধিছে বিৰোধী ঐক্যমঞ্চই। যোৱা ২৬ অক্টোবৰত অনুষ্ঠিত হৈছিল বিৰোধী ঐক্য মঞ্চ অসমৰ বৈঠক।
এই বৈঠকত সৰ্বসন্মতিক্ৰমে ঐক্যমঞ্চৰ অন্তৰ্ভুক্ত সকলো দলেই বিজেপিক প্রতিহত কৰিবৰ বাবে প্রতিটো সমষ্টিতে মাত্ৰ এজন ৰথী থিয় কৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
এই সিদ্ধান্তক লৈ কোনো দলৰেই কোনোধৰণৰ দ্বিমত নাই। এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
উল্লেখ্য যে, উক্ত বৈঠকত কংগ্ৰেছ দলৰ তৰফৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনকে ধৰি একাংশ নেতৃবৃন্দ উপস্থিত থাকে।
উক্ত বৈঠকত কংগ্ৰেছৰ শীৰ্ষৰ কিছুসংখ্যক নেতা উপস্থিত নথকা প্রসংগটো টানি আনি এক্যমঞ্চৰ সিদ্ধান্তক লৈ কংগ্ৰেছৰ দলৰ নেতাসকলৰ মাজত মতবিৰোধ আছে বুলি একাংশ সংবাদ মাধ্যমে বাতৰি প্রকাশ কৰিছিল।
সংবাদ মাধ্যমৰ এই বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি বিবৃতি যোগে উল্লেখ কৰে কংগ্ৰেছে। বিবৃতিত উল্লেখ কৰা মতে, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই বৈঠকৰ বিষয়ে পত্ৰযোগে জনাইছিল।
কিন্তু আগতীয়াকৈ কোনো অনুষ্ঠান ঠিক হৈ থকা বাবে শইকীয়াই এক্যমঞ্চৰ বৈঠকখনত উপস্থিত থাকিব নোৱাৰে বুলি সভাপতি ভূপেন বৰাক অৱগত কৰিছিল বুলি কংগ্ৰেছে বিবৃতিত লগতে সদৰী কৰিছে।
একাংশ সংবাদ মাধ্যমে উদ্দেশ্যপ্ৰণোদিতভাৱে মতবিৰোধৰ বাতৰি কৰা বুলি অভিযোগ কৰি কংগ্ৰেছে এনে বাতৰিৰ কোনো সত্যতা নাই বুলিও প্রদেশ কংগ্ৰেছে স্পষ্ট কৰি দিয়ে।
উল্লেখ্য যে, বিৰোধী এক্যমঞ্চৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব ডিব্ৰুগড়ত। এই বৈঠকত ঐক্য মঞ্চৰ শক্তি বৃদ্ধি হৈ সৰ্বমুঠ ১৫টা দলৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব।
এনেদৰে এতিয়া বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোকক একত্ৰিত কৰিবলৈ বিৰোধী ঐক্যমঞ্চই কঁকালত টঙালি বান্ধি নিজকে সাজু কৰি তুলিছে বুলি কংগ্ৰেছে উল্লেখ কৰে।