NORTHEAST NOW (Assamese)
অসম

অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত: এ পি এছ চি- ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 7, 2022 7:17 pm
APSC

অসম কেবিনেটে আজি অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত হ’বলগীয়া নিযুক্তি পৰীক্ষাৰ সন্দৰ্ভত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত বাদ দিয়া হৈছে।

ৰাজ্যৰ অসম অসামৰিক সেৱা (এচিএছ), অসম আৰক্ষী সেৱা (এপিএছ) আৰু অন্যান্য সংশ্লিষ্ট সেৱাৰ বিষয়াক নিযুক্তিৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (CCE)ত এতিয়াৰ পৰা কোনো ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত নাথাকিব।

আজি গুৱাহাটীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে এই বৃহৎ সিদ্ধান্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘এপিএছচি পৰীক্ষাৰ পৰা ঐচ্ছিক প্ৰশ্ন কাকত সমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে কেবিনেটে।”

তেওঁ কয়, “এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিষয়ভিত্তিক ঐচ্ছিক প্ৰশ্ন কাকত নাথাকিব।” সাধাৰণ জ্ঞানৰ প্ৰশ্ন কাকততে সকলো বিষয় অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই লগতে জানিবলৈ দিয়ে।

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, “অসামৰিক সেৱাৰ বিষয়া হ’বলৈ হ’লে প্ৰতিটো বিষয়ৰ মৌলিক জ্ঞান থকাটো প্ৰয়োজন। গণিত বা বিজ্ঞানৰ দৰে বিষয় বাছি লোৱা কোনো পৰীক্ষাৰ্থীয়ে ঐচ্ছিক প্ৰশ্নকাকত দুখনত এশ শতাংশ নম্বৰ পোৱাৰ সম্ভাৱনা থাকে। আনহাতে অসমীয়া বা ইংৰাজীৰ দৰে সাহিত্যৰ বিষয় বাছি লোৱা পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত তেনে সুবিধা নাথাকে।”

মুখ্যমন্ত্ৰী শৰ্মাই লগতে আগন্তুক কেইদিনমানৰ ভিতৰত প্ৰায় ৭০০ পদত নিযুক্তিৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন অসম লোকসেৱা আয়োগে প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।