NORTHEAST NOW (Assamese)

নুমলীগড় শোধানাগাৰ ব্যক্তিগত খণ্ডক তুলি দিব বিচৰাৰ প্ৰতিবাদত উত্তাল শোধনাগাৰৰ প্ৰৱেশ পথ

October 11, 2019 9:06 pm · উত্তম শইকীয়া
নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ কৰিব বিচৰাৰ প্ৰতিবাদ শোধনাগাৰৰ প্ৰৱেশ পথত। ফটো : নৰ্থইষ্ট নাও

নুমলীগড় শোধানাগাৰক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত কৰা বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নুমলীগড় শোধনাগাৰত ৷

৮৫৫ জন শ্বহীদৰ ত্যাগ আৰু ৬ বছৰীয়া অসম আন্দোলনৰ পাছত হোৱা অসম চুক্তিৰ আধাৰত স্থাপিত হোৱা নুমলীগড় শোধনাগাৰক ব্যক্তিগত কোম্পানীৰ হাতত হস্তান্তৰ কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত শুকুৰবাৰে মুখৰিত হৈ পৰে নুমলীগড় শোধানাগাৰৰ মূখ্য প্ৰৱেশ দ্বাৰ।

শোধনাগাৰটোৰ অন্যতম সংগঠন নুমলীগড় অইল ৰেফাইনেৰী টেংকাৰ এছ’চিয়েশ্যনে পুৱা ৭বজাৰ পৰা মাৰ্কেটিং টাৰ্মিনেলত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷

প্ৰতিবাদৰ সময়ছোৱাত কেইবা  শতাধিক পৰিবহনকাৰীয়ে বিপিচিএল আৰু এন আৰ এল ব্যক্তিগতকৰণৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে ‘চেভ এন আৰ এল, চেভ বিপিচিএল’,‘শ্বহীদৰ ত্যাগৰ ফলত স্থাপন হোৱা এন আৰ এল বিক্ৰী নচলিব’,’মোদী চৰকাৰ হায় হায়’ আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ উপৰিও নুমলীগড় শোধানাগাৰৰ টেংকাৰ সন্থা, নুমলীগড় শোধনাগাৰ কৰ্মচাৰী সন্থা, শ্ৰমিক সন্থা, মজদূৰ ইউনিয়ন আৰু শোধানাগাৰটোৰ স্থায়ী-অস্থায়ী সকলো শ্ৰমিক একত্ৰিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শোধনাগাৰটোৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে নুমলীগড় শোধনাগাৰৰ ৬২ শতাংশ অংশীদাৰ আছে ভাৰত পেট্ৰলিয়ামৰ। আজিৰ প্ৰতিবাদৰ পটভূমিত তেজ দিম শোধনাগাৰ নিদিওঁ ধ্বনিৰে মুখৰিত হৈ পৰে নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰ।

প্ৰতিবাদকাৰী সকলৰ মতে ভাৰত পেট্ৰলিয়াম বিক্ৰী মানেই ভাৰত চৰকাৰৰ নিজা সম্পদ হিচাপে পৰিগণিত হৈ অহা মুম্বাই শোধনাগাৰ, কোচি শোধনাগাৰ আৰু নুমলীগড় শোধনাগাৰকে ধৰি মুঠ চাৰিটা শোধনাগাৰ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া। যাৰ বাবে অনাগত দিনবোৰত ৰাজ্যত এক জটিল সমস্যাৰ সৃষ্টি হব।

এনে ঘটনাৰ পাছত ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰে নিজ ইচ্ছানুযায়ী পেট্ৰল- ডিজেলৰ মূল্যবৃদ্ধিৰে জনসাধাৰণৰ ওপৰত মাধমাৰ সোধাব বুলিও প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে ৷

অসমৰ জনসাধাৰণৰ আবেগ-অনুভুতিক গুৰুত্ব দি শ্বহীদৰ তেজৰ মূল্যক সন্মান জনাই অসম চৰকাৰে নুমলীগড় শোধনাগাৰক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ নকৰাৰ ক্ষেত্ৰত এক সবল ভূমিকা গ্ৰহণ কৰিবৰ বাবে আজি নুমলীগড়ত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰক আহ্বান জনায় ৷

Related News