NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ সংক্ৰমণ; ২০২১ চনৰ ফেব্ৰুৱাৰিত অনুষ্ঠিত নহয় অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান

June 16, 2020 5:23 pm · এন ই নাও নিউজ
Updated: June 16, 2020 5:24 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

সমগ্ৰ বিশ্বজুৰি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৯৩ সংখ্যক অস্কাৰ বঁটা প্ৰদান কাৰ্য্যসূচী পিছুৱাই দিয়া হৈছে।

২০২১ বৰ্ষৰ ২৮ ফেব্ৰুৱাৰিত ৯৩ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল।

অস্কাৰৰ ইতিহাসত এয়া চতুৰ্থ বাৰৰ বাবে বঁটা প্ৰদান কাৰ্য্যসূচী পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উদ্যোক্তা সমিতিৰ তৰফৰ পৰা অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান দুমাহ পিছত ২০২১ চনৰ ২৫ এপ্ৰিলত অনুষ্ঠিত কৰা হ’ব বুলি নতুন তাৰিখ ঘোষণা কৰা হয়।

অস্কাৰ বঁটা প্ৰদানৰ বাবে নতুন তাৰিখ ঘোষণাৰ পাছতে এতিয়া ২০২০ চনৰ ১ জানুৱাৰিৰ পৰা ২৮ ফেব্ৰুৱাৰি ২০২১ চনৰ মাজত মুক্তি পোৱা চলচ্চিত্ৰ সমূহেও একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰিব।

প্ৰতিবছৰে বিভিন্ন দেশৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমূহক সন্মানীয় অস্কাৰ বঁটা প্ৰদান কৰি অহা হৈছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ বাবে চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক-২০২০ ক্ৰীড়া প্ৰতিযোগিতাখনো ২০২১ চনলৈ পিছুৱাই দিয়া হয়।

Related News