NORTHEAST NOW (Assamese)
Popular Stories

মেঘালয় সীমান্ত হৈ ভাৰতলৈ পলায়ন ওছমান হাদীৰ ২ জন ঘাতকঃ ঢাকা আৰক্ষী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2025 6:30 pm

শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে গঢ়ি উঠা গণ-আন্দোলনৰ অন্যতম নেতা ওছমান হাদীৰ হত্যাকাণ্ডই বাংলাদেশৰ পৰিস্থিতি উত্তপ্ত কৰি ৰখাৰ সময়তে, এই ঘটনাৰ সৈতে জড়িত দুজন মূল অভিযুক্ত ভাৰতলৈ পলায়ন কৰাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাংলাদেশ আৰক্ষীৰ শেহতীয়া তথ্য অনুসৰি, ওছমান হাদীৰ হত্যাকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত দুজনে বাংলাদেশৰ পৰা পলায়ন কৰি মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে। আৰক্ষীয়ে অভিযুক্ত দুজনক ফৈজল কৰিম মাছুদ আৰু আলমগীৰ শ্বেখ বুলি চিনাক্ত কৰিছে। ঢাকা মহানগৰ আৰক্ষীৰ মতে, স্থানীয় একাংশ লোকৰ সহায়ত অভিযুক্ত দুজনে হালুৱাঘাট অঞ্চল হৈ বাংলাদেশ ত্যাগ কৰে।

জানিব পৰা মতে, সীমান্ত পাৰ হোৱাৰ পিছত তেওঁলোকক ‘পূৰ্ণি’ নামৰ এজন ব্যক্তিয়ে সাক্ষাৎ কৰে আৰু ‘ছামি’ নামৰ এজন টেক্সি চালকৰ জৰিয়তে তেওঁলোকক মেঘালয়ৰ তুৰা চহৰলৈ লৈ যোৱা হয়। বাংলাদেশ কৰ্তৃপক্ষই জনোৱা মতে, অভিযুক্ত দুজনক কৰায়ত্ত কৰি পুনৰ বাংলাদেশলৈ ঘূৰাই আনিবলৈ ভাৰতীয় নিৰাপত্তা সংস্থাসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰখা হৈছে। অনানুষ্ঠানিক সূত্ৰৰ মতে, অভিযুক্তক সহায় কৰা পূৰ্ণি আৰু ছামি নামৰ ব্যক্তি দুজনক ভাৰতত ইতিমধ্যে আটক কৰা হৈছে, যদিও এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

উল্লেখ্য যে যোৱা ১২ ডিচেম্বৰত দুজন দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল ওছমান হাদী। ঢাকাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি তেওঁক উন্নত চিকিৎসাৰ বাবে বিমানযোগে ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে, ১৮ ডিচেম্বৰত মগজুৰ গুৰুতৰ আঘাটৰ ফলত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। ওছমান হাদী ‘ইনকিলাব মাঞ্চা’ৰ সহ-প্ৰতিষ্ঠাপক হোৱাৰ লগতে ঢাকা-৮ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।