NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত অগপৰ সাংগঠনিক সভা: শতাধিক মহিলাৰ অগপত যোগদান, মহিলা পৰিষদ গঠন

Posted by: মীনাক্ষী ফুকন,গোলাঘাট Updated by: মীনাক্ষী ফুকন,গোলাঘাট September 26, 2021 3:22 pm

অগপৰ জন্মস্থান গোলাঘাটত অনুষ্ঠিত হ’ল অসম গণ পৰিষদৰ সাংগঠনিক সভা।

গোলাঘাট অগপ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সভাত গোলাঘাট বিধান সভা সমষ্টিৰ ভিত্তিত গোলাঘাট বিধান পৰিষদৰ মহিলা পৰিষদ গঠন কৰা হয় ।

স্বপ্নালী বৰুৱাৰ নেতৃত্বত হোৱা এই সভাত প্ৰায় এক শতাধিক মহিলাই অসম গণ পৰিষদত যোগদান কৰে ।

এই যোগদান কাৰ্যসূচীয়ে অসম গণ পৰিষদক অধিক শক্তিশালী কৰিব বুলি অসম গণ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক আছিকুৰ ৰহমানে জানিব দিয়ে ।

উক্ত সভাত অগপ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নৃপেন বৰুৱা , কেন্দ্ৰীয় সমিতিৰ কাৰ্য নিৰ্বাহক সদস্য মনোৱাৰ হুছেইন , অগপ নেতা অৰূণ মহন্ত ,দিলীপ দাস ,দিলীপ গগৈ ,উদীপ্ত প্ৰতিম দত্ত, টংকেশ্বৰ বৰদলৈ উপস্থিত থাকে ।