NORTHEAST NOW (Assamese)

নেপালৰ জেলৰ পৰা পলায়ন ১৫ হাজাৰ কুখ্যাত অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা! বাঢ়িছে আতংক

September 11, 2025 4:26 pm · এন ই নাও নিউজ, গুৱাহাটী

বিদ্ৰোহৰ জুইত অগ্নিগৰ্ভ নেপাল। অবাধে চলি আছে লুটপাত। বেংক ডকাইতিৰ খবৰ যিদৰে আহিছে, সেইদৰে উদ্যোগপতি আৰু নেতাৰ ঘৰবোৰক লক্ষ্য কৰি লোৱা হৈছে। ইপিনে নেপালৰ বিভিন্ন কাৰাগাৰৰ পৰা প্ৰায় ১৫ হাজাৰ কুখ্যাত অপৰাধী পলায়ন কৰা বুলি শুনা গৈছে। তাতোকৈ ভয়ংকৰ খবৰটো হৈছে সেইবোৰ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে!

উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত বুধবাৰে ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে। সূত্ৰ অনুসৰি নেপালৰ জেলৰ পৰা পলায়ন কৰি আহিছে আটাইকেইজন। তাৰপিছতে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।

জানিব পৰা মতে, যিবোৰ কাৰাগাৰৰ পৰা বন্দী পলায়ন কৰিছে, সেইবোৰৰ তালিকাত কাঠমাণ্ডুৰ দিল্লী বজাৰ কাৰাগাৰকে ধৰি চিতৱান, নখু, ঝুমকা আৰু জলেশ্বৰৰ কেইবাখনো কাৰাগাৰো আছে।

তদুপৰি, সংশোধনী কেন্দ্ৰৰ পৰা নাবালক শিশুৱে পলাবলৈ চেষ্টা কৰাত সেনাৰ গুলীত কমেও ৫ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহতসকলৰ সংখ্যা ৭ জন। নৌবাস্তা জেলৰ মুৰব্বী জলন্ধৰ মুছালে জানিবলৈ দিয়া মতে, নাবালক কয়দী কেইজনে গেট ভাঙি পলায়ন কৰিবলৈ চেষ্টা কৰোতে গুলীচালনা কৰা হয়।

‘জেন জি’ প্ৰতিবাদে কেৱল চৰকাৰক উৎখাত কৰাই  নহয়, এতিয়াও হিংসাত্মক পৰিস্থিতিত জ্বলি আছে দেশখন। এই ভয়াৱহ পৰিস্থিতিত নেপালৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনা ওলাই আহিছে। সন্ধিয়া ৫ বজাৰ পৰা সমগ্ৰ দেশতে জাৰি কৰা হৈছে সান্ধ্য আইন।

উল্লেখ্য যে নেপালৰ কে পি শৰ্মা অলি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিকে ধৰি কেইবাটাও অভিযোগ উত্থাপন হৈছিল। শেহতীয়াকৈ ফেচবুক, ইউটিউব, এক্সকে ধৰি ২৬ ধৰণৰ ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞাৰ ফলত হিংসা অধিক বিয়পে।

তাত থকা যুৱ প্ৰজন্মই ৰাজপথলৈ ওলাই আহি অলি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ পিছত মঙলবাৰে আৰু অধিক বৃদ্ধি পায় প্ৰতিবাদৰ ঢৌ। এই পৰিস্থিতিত জনতাৰ ক্ষোভৰ সন্মুখত অলিয়ে পদত্যাগ কৰিবলৈ বাধ্য হয়। কিন্তু পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত হোৱা নাই, বিপৰীতে বিভিন্ন ধৰণৰ অশান্তিৰ খবৰ পোৱা গৈছে।

Related News