NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যসমূহৰ বাবে আৰু মাত্ৰ ২ কোটি ড’জ ভেকচিনহে মজুত আছে : কেন্দ্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2021 3:27 pm
Covid-19-vaccines

২ কোটিৰো অধিক ড’জ ভেকচিনহে এতিয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে মজুত আছে। সোমবাৰে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।

মন্ত্ৰণালয়ে লগতে প্ৰকাশ কৰিছে আৰু মাত্ৰ তিনিদিনৰ ভিতৰত ৰাজ্যসমূহে প্ৰায় ৩ লাখ ড’জ ভেকচিন আৰু পাইৰলাইন লাভ কৰিব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ২০ কোটিৰো অধিক ড’জ ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।

২০ কোটি ৭৬ লাখ ১০ হাজাৰ ২৩০ ড’জ কোভিড১৯ ভেকচিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰদান কৰা হৈছে। অৱশ্যে সোমবাৰৰ পুৱা ৮ বজাৰলৈকে উপলব্ধ তথ্য অনুসৰি ইয়াৰে প্ৰায় ২ কোটি ভেকচিন নষ্ট হোৱাৰ ফলত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ১৮ কোটি ৭১ লাখ, ১৩, ৭০৫ ড’জ ভেকচিনহে লাভ কৰিছে।

“ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে ২ কোটিৰো অধিক ড’জ(২,০৪,৯৬,৫২৫) কোভিড১৯ৰ ভেকচিন মজুত আছে।” কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কয়।

আৰু তিনি দিনৰ ভিতৰত ৰাজ্যসমূহে ২,৯৪,৬৬০ ড’জ কোভিড ভেকচিন লাভ কৰিব বুলিও কয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। এই ভেকচিনসমূহ ৰাজ্যক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।