NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড: ভস্মীভূত ৪০ খনতকৈও অধিক দোকান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2022 9:53 am
Fire in Dibrugarh

ডিব্ৰুগড় চহৰৰ নতুন বজাৰ এলেকাত আজি পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৪০ খন দোকান ভস্মীভূত হয়।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পুৱা প্ৰায় ৩ বজাত সংঘটিত অগ্নিকাণ্ডই কেইমিনিটমানৰ ভিতৰতে সমগ্ৰ অঞ্চলটো আগুৰি ধৰে।

এখন দোকানত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছিল বুলি সন্দেহ কৰা হৈছে।

ৰাজ্যিক অগ্নি নিৰ্বাপক সেৱা, অইল ইণ্ডিয়া লিমিটেড-দুলিয়াজান, চাবুৱা বায়ু সেনা কেন্দ্ৰ আৰু বিচিপিএলৰ অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।

পুৱা ৩ বজাৰ প্ৰায় ৭ বজালৈকে চাৰি ঘণ্টা ধৰি অব্যাহত থকা অগ্নিকাণ্ডত জাহ যায় কোটি কোটি টকাৰ সম্পত্তি।

ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ আৰু চক্ৰ বিষয়া (পূব) ঝৰ্ণা পাটগিৰি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

অৱশ্যে এই ভয়াৱহ ঘটনাটোত কোনো লোক হতাহত বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা নাই।