NORTHEAST NOW (Assamese)
Popular Stories

নতুন বছৰত কি চলিল! Zomatoৰ জৰিয়তে গাৰ্লফ্ৰেণ্ড ডেলিভাৰী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2025 8:49 am
নতুন বছৰত কি চলিল! Zomatoৰ জৰিয়তে গাৰ্লফ্ৰেণ্ড ডেলিভাৰী?

Zomato ৰ দৰে খাদ্য ডেলিভাৰী এপেও বিশেষ দিনত পাঁচ দিনতকৈ তুলনামূলকভাৱে অধিক খাদ্য ডেলিভাৰী অৰ্ডাৰ লাভ কৰে। বেছিভাগ মানুহেই, তাৰ ভিতৰত অবিবাহিত যিসকলে কামৰ বাবে বা স্কুল কলেজৰ বাবে ঘৰৰ পৰা আঁতৰত থাকে, কিছু ভাল খাদ্যৰ আশাত বিশেষ দিনত এই অনলাইন এপবোৰত অৰ্ডাৰ দিয়ে।

এইবাৰ অৰ্থাৎ নৱবৰ্ষৰ দিনাও জোমাটোলৈ বৃহৎ সংখ্যক খাদ্যৰ অৰ্ডাৰ আহে। কিন্তু এইবাৰ Zomatoৰ তথ্য অনুসৰি এই ফুড এপটোত ৪৯৪০ জনে গাৰ্লফ্ৰেণ্ড চাৰ্চ কৰে। জানিব পৰা মতে প্ৰায় ৪০ জন মানে কইনাও বিচাৰিছে।

Zomato ৰ তথ্য অনুসৰি এই তথ্য সৰ্বভাৰতীয় সংবাদ সংস্থাৰ জৰিয়তে টুইটাৰত পোষ্ট হৈছে। আৰু সেই পোষ্টটোক কেন্দ্ৰ কৰি নেটিজেনসকলৰ মাজত যথেষ্ট আগ্ৰহ আছিল। এই টুইটাৰ পোষ্টটোক লৈ বহুতে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে।

এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে যে মানুহক যিমান মূৰ্খ বুলি কোৱা হৈছে সিমান মূৰ্খ নহয় আৰু তেওঁ নিজৰ পোষ্টত দুখন ৰেষ্টুৰেণ্টৰ নাম দেখুওৱা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে। এখনৰ নাম হায়দৰাবাদৰ আমিৰপিটত অৱস্থিত গাৰ্লফ্ৰেণ্ড ফুড ক’ৰ্ট। আৰু দ্বিতীয়খন গাৰ্লফ্ৰৰেণ্ড আৰবিয়ান মাণ্ডী ৰেষ্টুৰেণ্টো হায়দৰাবাদত অৱস্থিত।

আন বহুতে এই পোষ্টটোত বহুতে বহুত ধেমেলীয়া মন্তব্যও কৰিছে। কোনোবাই লিখিছে যে এনে এক ঘটনা ভাৰততহে সম্ভৱ। আন কোনোবাই লিখিছে যে জোমেটৰো মেট্ৰিমনিৰ দৰে হোৱাৰ সুযোগ আছে।