NORTHEAST NOW (Assamese)
অসম

কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সাফল্য: অসম-ত্ৰিপুৰা সীমান্তত জব্দ কৰিলে ৪৭০০ কিলোগ্ৰাম গাঞ্জা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 30, 2022 6:49 pm
ganja seized

কৰিমগঞ্জ জিলা আৰক্ষীয়ে সোমবাৰে নিশা এক সফল অভিযান চলাই অসম-ত্ৰিপুৰা সীমান্তৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে। ত্ৰিপুৰাৰ সৈতে আন্তঃৰাজ্যিক সীমান্তৰ ওচৰত এখন ট্ৰাকৰ পৰা কৰিমগঞ্জ আৰক্ষীয়ে মুঠ ৪৭২৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে।

এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি প্ৰাকৃতিক ৰবৰেৰে ঢাকি ট্ৰাকত লুকুৱাই নিয়া হৈছিল। জব্দকৃত গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা বুলি অনুমান কৰা হৈছে।

আৰক্ষীয়ে সোমবাৰে নিশা ৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী চেক পইণ্টত গাঞ্জা ৰপ্তানি কৰা এই ট্ৰাকখন জব্দ কৰে।

ত্ৰিপুৰাৰ ফালৰ পৰা অহা ট্ৰাকখন অসমত প্ৰৱেশ কৰাৰ পিছত কৰিমগঞ্জত নিয়মীয়া পৰীক্ষাৰ সময়ত আৰক্ষীয়ে বাধা দিছিল।

আৰক্ষীয়ে এই গাঞ্জাখিনি জব্দ কৰাত সফল হয় যদিও অৱশ্যে ট্ৰাকখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়।

এই সফলতাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জ আৰক্ষীক প্ৰশংসা কৰে।