NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ কেণ্টুকীত টৰ্ণেডোৰ বিধ্বংসী ৰূপ, প্ৰাণ ল’লে কমেও ৫০ জনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 11, 2021 7:40 pm
Tornado hits US state of Kentucky

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেণ্টুকীত টৰ্ণেডোৱে বিধ্বংসী ৰূপত জোকাৰি যোৱাৰ পিছত ৫০ জনৰো অধিক লোক নিহত হৈছে।

সংবাদ সংস্থা CNN ৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যপাল এণ্ডি বেছিয়াৰে কয় যে এই দুৰ্যোগৰ পৰা মৃত্যুৰ সংখ্যা ৫০ জনৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে, সম্ভৱতঃ ৭০ ৰ পৰা ১০০ জনৰ এই ভয়ংকৰ দুৰ্যোগত মৃত্যু হ’ব পাৰে।

তেওঁ এই দুৰ্যোগক “কেণ্টুকীৰ ইতিহাসৰ আটাইতকৈ গুৰুতৰ টৰ্ণেডো ঘটনা” বুলি অভিহিত কৰিছে।

প্ৰাথমিক অনুসন্ধান অনুসৰি ৰাজ্যখনত চাৰিটা টৰ্ণেডো ধুমুহাৰ সৃষ্টি হ’ব পাৰে। বেছিয়াৰে লগতে কয় যে পশ্চিম কেণ্টুকিজুৰি বিস্তৃত কমেও ১৫ খন কাউণ্টিত ক্ষতিৰ খবৰ পোৱা গৈছে।

আনহাতে, ৰাজ্যিক জৰুৰীকালীন ব্যৱস্থাপনা সঞ্চালক মাইকেল ডৰছেটে ইয়াক এক বৃহৎ দুৰ্যোগৰ ঘটনা বুলি অভিহিত কৰে আৰু কয় যে অনুসন্ধান আৰু উদ্ধাৰৰ প্ৰচেষ্টা চলি আছে।