NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত ২০ কোটিৰো অধিক টকাৰ ক্ষুদ্ৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগ; প্ৰতাৰণাৰ বলি বহু মহিলা

Posted by: এন ই নাও নিউজ, লখিমপুৰ Updated by: এন ই নাও নিউজ, লখিমপুৰ May 16, 2026 10:15 am

জিলাত বিগত তিনি বছৰে কেইবা ডজনো গ্ৰাম্য মহিলা উদ্যোগীক এদল কেলেংকাৰী চক্ৰই প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে।

জিলাখনৰ লালুকৰ পদ্মপুৰ অঞ্চলত কেইবা ডজন মহিলাই লালুক থানাত এজাহাৰ দাখিল কৰাৰ পিছতে এই অভিযোগ সন্মুখলৈ আহিছে। অভিযোগকাৰীসকলে অভিযোগ কৰে যে নাদিকাৰ এগৰাকী জেবিন চুলতানা নামৰ মহিলাই তেওঁলোকক প্ৰচুৰ ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দি কোটি কোটি টকাৰ প্ৰতাৰণা কৰিছে।

পদ্মপুৰৰ এগৰাকী ভুক্তভোগীৰ মতে, জেবিনে তেওঁক মাইক্ৰ’ফাইনেন্স লোন (ক্ষুদ্ৰ ঋণ ল’বলৈ বুজাইছিল আৰু সেই ধন তেওঁৰ ব্যৱসায়ত বিনিয়োগ কৰিছিল। জেবিনে ঋণৰ ইএমআইও পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলিও কয় তেওঁ।

কিন্তু ঋণ লোৱাসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া জেবিনে দুমাহৰ পৰা তিনিমাহৰ পিছত ইএমআই প্ৰদান কৰা বন্ধ কৰাৰ অভিযোগ উত্থাপন হয়, তাৰ পিছত বেংকসমূহে ঋণ আদায়ৰ জাননী প্ৰদান কৰে।

জেবিনেও ঋণৰ ধন ঘূৰাই দিবলৈ অস্বীকাৰ কৰাৰ লগতে আৰক্ষীৰ ব্যৱস্থা লোৱাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে।

জানিব পৰা মতে, অভিযুক্ত মহিলাগৰাকীয়ে লখিমপুৰ জিলাৰ নাদিকা, কাঁহিপোৰা, পদ্মপুৰৰ গ্ৰাম্য মহিলা উদ্যোগীসকলৰ পৰা ২০ কোটিৰো অধিক টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে।

পদ্মপুৰৰ এগৰাকী মহিলাই কয়, ‘জেবিনে গ্ৰাম্য মহিলাসকলক এটা নামেৰে সাতটামান এছ এইচ জি মাইক্ৰ’ফাইনেন্স ঋণ ল’বলৈ বুজাইছিল আৰু প্ৰদান কৰা সকলো ইএমআইৰ সৈতে মূলধন ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

অভিযোগ অনুসৰি জেবিনক এই কেলেংকাৰীত সহায় কৰিছিল তেওঁৰ স্বামী নুৰুদ্দিন আলী আৰু স্থানীয় মিডিয়া পৰ্টেলৰ সৈতে জড়িত তেওঁৰ সৰু ভাতৃ আছাদ আলী খানৰ লগতে একাংশ চি এছ পি অপাৰেটৰে।

ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে জেবিনে আৰক্ষীৰ সুৰক্ষা থকা বুলি দাবী কৰি নিজৰ ভুক্তভোগীক ভয় দেখুৱাইছিল।

এই পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই।