NORTHEAST NOW (Assamese)
Popular Stories

দৰিদ্ৰতাক নেওচি আইপিএলৰ মঞ্চত সৌমেন: ৰাজস্থান ৰয়েলছৰ নেট বলাৰ হিচাপে নিৰ্বাচিত হৈ উজলিছে এইজন ডেকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 4, 2026 5:04 pm

হাৰ নামানিবা বন্ধু— এইটোৱেই যেন পূৰ্ব বর্ধমানৰ ৰাইনাৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান সৌমেন চেটাৰ্জীৰ জীৱনৰ মূলমন্ত্ৰ। কোনো সহায় সাৰথি নোহোৱাকৈয়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ তেওঁ নিৰন্তৰ যুঁজ দি গৈছে। চৰম দৰিদ্ৰতাৰ মাজতো তেওঁ ক্ৰিকেট খেলাৰ চখ এৰি দিয়া নাই। ২০ বছৰীয়া এইগৰাকী বঙালী পেচাৰে আই পি এলৰ আগশাৰীৰ দল ৰাজস্থান ৰয়েলছত নেট বলাৰ হোৱাৰ এক বিৰল সুযোগ লাভ কৰিছে। অৱশ্যে এয়াই শেষ নহয়, মূল দলত স্থান পাবলৈ সৌমেনে আগলৈ অধিক কঠোৰ যুঁজ দি যাবলৈ সাজু হৈছে।

ৰাইনাৰ ৰামবাটি গাঁৱৰ এটা অতি সাধাৰণ পৰিয়ালত সৌমেন ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ সঞ্জয় চেটাৰ্জী এজন দৈনিক মজুৰি কৰা শ্ৰমিক। সৰুৰে পৰাই সৌমেনে ক্ৰিকেটক প্ৰাণতকৈ বেছি ভাল পাইছিল। শকনাৰা হাইস্কুলৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ক্ৰীড়াৰ প্ৰতি তেওঁৰ ধাউতি অধিক বৃদ্ধি পায়। কিন্তু তেওঁৰ সপোনৰ বাটত বাধা হৈ থিয় দিছিল ঘৰৰ চৰম আৰ্থিক অনাটনে। ইমান অভাৱৰ মাজতো সৌমেনে ক্ৰিকেটাৰ হোৱাৰ সপোনটো মৰহি যাবলৈ দিয়া নাছিল। পুত্ৰৰ সপোন পূৰণ কৰিবলৈ তেওঁৰ পৰিয়ালটোৱে সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰিছে। আনকি মাতৃ শ্ৰবাণী চেটাৰ্জীয়ে বিভিন্ন ঠাইৰ পৰা ধাৰ-ঋণ কৰি হলেও পুত্ৰৰ অনুশীলনৰ খৰচ যোগাৰ কৰি দিছিল।

প্ৰথম অৱস্থাত জামালপুৰৰ নেতাজী ক্লাবত নিয়মীয়াকৈ অনুশীলন কৰিছিল সৌমেনে। কিন্তু তেওঁৰ সপোন আছিল আকাশলংঘী। সেয়েহে উন্নত প্ৰশিক্ষণৰ আশাত তেওঁ কলকাতালৈ গুচি যায়। তাত বিভিন্ন ক্লাবত অনুশীলন কৰাৰ লগতে কালিঘাটৰ এটা ক্লাবত যোগদান কৰে। চহৰত থকা আৰু খেলাৰ খৰচ পূৰাবলৈ তেওঁ চৰম কষ্ট কৰিবলগীয়া হৈছিল। ইয়াৰ পাছত তেওঁ সুযোগৰ সন্ধানত মুম্বাইলৈ যায় আৰু তাৰ পৰা দিল্লী হৈ পুনৰ কলকাতালৈ উভতি আহে। এই সমগ্ৰ যাত্ৰাত তেওঁক কেৱল কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসে জীয়াই ৰাখিছিল।

অৱশেষত সৌমেনৰ সেই দীৰ্ঘদিনীয়া কষ্টৰ ফল লাভ কৰিলে। এইবাৰ তেওঁক ৰাজস্থান ৰয়েলছ দলৰ নেট বলাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। সোঁহতীয়া পেচাৰ সৌমেনে এতিয়া নেটত বৈভৱ সূৰ্য্যবংশী, ৰবীন্দ্ৰ জাডেজা আৰু যশস্বী জয়ছৱালৰ দৰে তাৰকা ক্ৰিকেটাৰক বলিং কৰাৰ সুযোগ লাভ কৰিব। ইতিমধ্যে তেওঁক দলৰ অফিচিয়েল পৰিচয় পত্ৰও প্ৰদান কৰা হৈছে। এটা অতি দৰিদ্ৰ পৰিয়ালৰ লৰাই ইমান ডাঙৰ মঞ্চত স্থান পোৱাত সমগ্ৰ অঞ্চলটোতে আনন্দৰ লহৰ উঠিছে। পুত্ৰৰ সফলতাত সুখী পিতৃ সঞ্জয় চেটাৰ্জীয়ে কয় যে সকলো কষ্টৰ মাজতো তেওঁৰ লৰাই কেতিয়াও ক্ৰিকেট এৰি দিয়া নাছিল। পূৰ্বে বহু নেট বলাৰে মূল দলত স্থান পোৱাৰ উদাহৰণ আছে, সেয়েহে সৌমেনৰ লক্ষ্যও এতিয়া একেই।