NORTHEAST NOW (Assamese)
অসম

কি বিশেষ কাৰণত ‘ওমেন’ শব্দৰ সংজ্ঞাৰ ব্যাপক সালসলনি ঘটালে অক্সফ’ৰ্ড ডিক্স’নাৰিয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2020 10:04 am
Oxford-dictionary-woman-definition

দীৰ্ঘদিন ধৰি চলি অহা বিতৰ্কৰ অৱসান ঘটাই ‘ওমেন’ অৰ্থাৎ মহিলা শব্দটোৰ সংজ্ঞাৰ ব্যাপক সালসলনি ঘটাইছে প্ৰসিদ্ধ অক্সফ’ৰ্ড ডিক্স’নাৰীয়ে।

অভিধানখনে ওমেন(Woman) শব্দটোৰ সংজ্ঞাৰ সৈতে ব্যৱহৃত একাধিক যৌনগন্ধী (Sexiest) তথা অপমানজনক শব্দ আঁতৰাই দিছে।

অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটিৰ পৰা প্ৰকাশিত অভিধানখনৰ শেহতীয়া সংস্কৰণত ‘ওমেন’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ বা সংজ্ঞা হিচাপে কোৱা হৈছে, এজনৰ পত্নী, বান্ধৱী বা ফিমেল লাভাৰ।

সেইদৰে, নতুন সংজ্ঞাত ‘বিচ’, ‘বিন্ট’, ওৱেনছ’ আদি  কিছুমান যৌনগন্ধী তথা অপমানজনক শব্দ অঁতৰাই দিয়া হৈছে। লিংগ বৈষম্যসূচক শব্দও নতুন সংজ্ঞাত বাদ দিয়া হৈছে।

য়ুনিভাৰ্ছিটিখনৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ডিক্স’নাৰীখনৰ ‘ওমেন’ শব্দটোৰ সংজ্ঞাত আমি কিছু পৰিৱৰ্তন আনিছো। সুন্দৰ উদাহৰণ তথা শব্দ সংযোগ কৰা হৈছে।

উল্লেখ্য, অক্সফ’ৰ্ডৰ এনে সিদ্ধান্তৰ আঁৰত আছে মাৰিয়া ব্ৰিটিছ জিঅ’ভানাৰ্ডি নামৰ এগৰাকী মহিলাৰ এখন অনলাইন আবেদন। ২০১৯চনত এই মহিলাগৰাকীয়ে অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটিক অভিধানখনৰ পৰা ‘ওমেন’ শব্দটোৰ সংজ্ঞাত ব্যৱহাৰ হোৱা যৌনগন্ধী (Sexiest) তথা অপমানজনক শব্দসমূহ অঁতৰাই দিয়াৰ বাবে দাবী জনাইছিল।

তেওঁ বিশেষকৈ ‘বিচ’, ‘বিন্ট’, ওৱেনছ’ আদি  কিছুমান যৌনগন্ধী তথা অপমানজনক শব্দৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল। মহিলাগৰাকীয়ে লগতে লিংগবৈষম্যসূচক শব্দসমূহো বাদ দিবলৈ দাবী কৰিছিল।

সমগ্ৰ বিশ্বৰ বহু মহিলাই মাৰিয়ক সমৰ্থন জনাইছিল। সেই অনলাইন আবেদনত ৩৪হাজাৰতকৈয়ো অধিক লোকে স্বাক্ষৰ কৰিছিল।

অক্সফ’ৰ্ড ডিক্স’নাৰীৰ এনে সিদ্ধান্তক বহুতেই আদৰণি জনাইছে।