NORTHEAST NOW (Assamese)
অসম

বিজেপি পুনৰ ক্ষমতালৈ আহিলে আঞ্চলিক দলসমূহ অস্তিত্ব সংকটৰ সন্মুখীন হ’ব: চিদাম্বৰম

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 17, 2024 9:13 am

প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰী পি চিদাম্বৰমে বিজেপি সন্দৰ্ভত সতৰ্কবাণী শুনাইছে সৰু সৰু আঞ্চলিক দলসমূহক।

তেওঁ কয়, ইণ্ডিয়া মিত্ৰজোঁটৰ ভৱিষ্যত সন্দৰ্ভত কোনো মন্তব্য কৰা উচিত নহয়। কাৰণ তেওঁ তাৰ অংশ নহয়। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি পুনৰ ক্ষমতালৈ আহিলে বিভিন্ন ৰাজ্যত আঞ্চলিক দলৰ অস্তিত্ব সংকটত পৰিব।

লগতে পঢ়কঃ তৃতীয় টেষ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে অশ্বিনে; ৰাজকোটত ১০ জনেৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে!

অযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভত এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই কয়, এই কামে কিমান পাৰ্থক্য আনিব সেয়া সময়ে ক’ব। কিন্তু বিভিন্ন আঞ্চলিক দলে এতিয়াই চিন্তা কৰিবলৈ আৰম্ভ কৰক।

কংগ্ৰেছ নেতাসকলৰ উদ্দেশ্যি চিদাম্বৰমে কয় যে ইণ্ডিয়া মিত্ৰজোঁটৰ শিপা যিমানেই শক্তিশালী হ’ব সিমানেই ই বিজেপিক আঘাত দিয়াৰ সম্ভাৱনা বেছি। অন্যথা অনাগত দিনত আঞ্চলিক দলসমূহৰ বাবে কপালত যথেষ্ট বেয়া দিন আহি আছে।