NORTHEAST NOW (Assamese)
অসম

পাতাললোকৰ অভিনেতা আছিফ বাছৰাৰ ধৰমশালাত আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 12, 2020 5:37 pm

বলিউদৰ অভিনেতা আছিফ বাছৰাই বৃহস্পতিবাৰে হিমাচলপ্ৰদেশৰ ধৰমশালাত আত্মহত্যা কৰা ঘটনাই তেওঁৰ শুভাকাংশী সকলক আচৰিত কৰি তুলিছে।

ধৰমশালাৰ যোগীবাদা ৰোডত থকা এখন কেফেৰ ওচৰতে অভিনেতা গৰাকীক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

বৰ্তমানলৈ অভিনেতা গৰাকীয়ে কি কাৰণত আত্মহত্যাৰ দৰে সিদ্ধান্ত বাচি ল’লে সেই সম্পৰ্কে জানিব পৰা হোৱা নায়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিনেতা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, আছিফ বাছৰাই বিগত পাঁচ বছৰৰ পৰা ধৰমশালাত এটা ভাড়াঘৰত আছিল আৰু তেওঁৰ সৈতে তেওঁৰ বিদেশী প্ৰেয়সীও একেলগে আছিল।

‘‘ধৰমশালাৰ এটা ব্যক্তিগত ভাড়াঘৰত বলিউদ অভিনেতা আছিফ বাছৰাক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়। ফৰেনছিক আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে,’’ কাংগৰাৰ এছ এছ পি ভীমকুট ৰঞ্জনে কয়।

বলিউদ জগতত বাছৰা এক পৰিচিত নাম আছিল। কাও, পে চে, পাৰজানিয়া আৰু ব্লেক ফ্ৰাইডে আদি জনপ্ৰিয় চলচ্চিত্ৰত অভিনেতা গৰাকীয়ে অভিনয় কৰিছিল।

চলচ্চিত্ৰৰ উপৰিও বাছৰাই পাতাললোকৰ দৰে জনপ্ৰিয় ৱেব ছিৰিজতো অভিনয় কৰিছে।