NORTHEAST NOW (Assamese)

“ভন্টিক পলুৱাই নিলে মোৰ স্বামীয়ে, মাক পলুৱাই নিলে শহুৰ দেউতাই”…. : এগৰাকী মহিলাৰ যন্ত্ৰণাদায়ক জীৱন কাহিনী

June 22, 2024 2:54 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত হৈছে এক অদ্ভুদ ঘটনা। এক অদ্ভুদ গোচৰ লৈ আৰক্ষী থানাৰ দাৰস্থ হৈছে এগৰাকী অসহায় মহিলা।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, মহিলাগৰাকীৰ কনিষ্ঠ ভগ্নীক তেখেতৰ স্বামীয়ে পলুৱাই লৈ যোৱাৰ বিপৰীতে মহিলাগৰাকীৰ মাতৃক পলুৱাই নিয়ে তেখেতৰ শহুৰ দেউতাকে।

এই অভিযোগৰ পিছত আৰক্ষীও হৈ পৰে স্তম্ভিত। গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।

বিহাৰৰ সকৰা থানা এলেকাত এই কাণ্ড সংঘটিত হৈছে। সেই অঞ্চলত বাস কৰা সুধা কুমাৰী নামৰ এগৰাকী মহিলাই যোৱা ৯ জুনত আৰক্ষীক জনাইছিল, ‘মই ফৰিদপুৰ গাঁৱৰ বাসিন্দা। ২০২১ চনৰ ২৭ জুনত মোৰ বিয়া হৈছিল ছোটু নামৰ এজন যুৱকৰ সৈতে। তেওঁ ভগৱানপুৰৰ বাসিন্দা। বিয়াৰ পিছত ছোটু আৰু মই সুখেৰে জীয়াই আছিলো। আমাৰ এটি কন্যা সন্তান আছিল। তাইৰ বয়স মাত্ৰ এবছৰ। ইফালে মোৰ নাবালিকা ভনীৰ সৈতে গোপনে ছোটুৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ’ল। যোৱা কেইদিনমানৰ পৰা মোৰ প্ৰতি মোৰ ছোটুৰ আচৰণো সলনি হ’ল। মোৰ বিৰুদ্ধে সকলো ধৰণৰ অভিযোগ উত্থাপন কৰিবলৈ ধৰিলে আৰু মোৰ পৰা আঁতৰি থাকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিবলৈ ধৰিলে। চূড়ান্ত পৰিণতিত যোৱা ৩ জুনত ছোটুৰ লগত মোৰ ভনী গোপনে বিবাহপাশত আৱদ্ধ হৈ দিল্লীলৈ গুচি যায় ”

মহিলাগৰাকীয়ে জনোৱা মতে, এই ঘটনাৰ পিছত মহিলাগৰাকী মাতৃগৃহলৈ যায় আৰু সমগ্ৰ ঘটনাটো মাতৃ ফুল কুমাৰীক জনায়। ৫ জুনত ফুল কুমাৰীয়ে মহিলাগৰাকীক কয় যে মই তোমাৰ শহুৰৰ ঘৰলৈ গৈ এই বিষয়ে কথা পাতিম। তাৰপিছত সুধা নামৰ মহিলাগৰাকীৰ মাকে সুধাৰ শহুৰেকক লগ কৰিবলৈ যায় যদিও উভটি নাহে।

মহিলাগৰাকীয়ে কয়, ‘কিছুদিন পিছত গম পালোঁ যে মোৰ শহুৰ বিৰাজী ভগতৰ সৈতে মোৰ মাতৃও গাঁৱৰ পৰা পলাই গৈছে। দুয়োজনেই দিল্লীত বসবাস কৰি আছে। এতিয়া মায়ে মোৰ ফোনটো উঠোৱা নাই আৰু মোৰ লগত আন কোনোৱেই কথা পতা নাই। কণমানি ছোৱালীজনীক কঢ়িয়াই লৈ গৈ দুৱাৰে দুৱাৰে উজুটি খাবলৈ বাধ্য হৈছো।

অভিযোগৰ ভিত্তিত যেতিয়া আৰক্ষীয়ে ছোটুৰ লগত কথা পাতিলে তেতিয়া ছোটুৱে আৰক্ষীক ক’লে, ‘মোৰ শাহুৱে মোক সুধাৰ ভনীয়েকৰ লগত বিয়া কৰাইছে। বিনিময়ত শাহুৱে মোক এখন গাড়ী আৰু কিছু টকা দিব। মই দুয়োগৰাকী পত্নীৰ সৈতে থাকিব বিচাৰো।’

এই বিষয়ত এতিয়া আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ঘটনাই এতিয়া সমগ্ৰ বিহাৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ন্যায় বিচাৰি হাবাথুৰি খাইছে ভুক্তভোগী মহিলাগৰাকীয়ে।

Related News