NORTHEAST NOW (Assamese)

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm · এন ই নাও নিউজ, গুৱাহাটী

সিন্ধু জল চুক্তিক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। ভাৰতৰ পদক্ষেপত যদি পাকিস্তানৰ জল নিৰাপত্তা বিঘ্নিত হয়, তেন্তে ইছলামবাদে চিধাচিধি সামৰিক ব্যৱস্থা ল’বলৈ কুণ্ঠাবোধ নকৰে৷

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে দেওবাৰে ভাৰতক ঠিক এই ভাষাৰেই কঠোৰ সকীয়নি দিয়ে। এই জল বিবাদক লৈ পাৰমাণৱিক অস্ত্ৰধাৰী চুবুৰীয়া দেশ দুখনৰ মাজত নতুন যুদ্ধ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আন্তঃৰাষ্ট্ৰীয় মহলে আশংকা কৰিছে।

স্থানীয় পাকিস্তানী সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত খোৱাজা আছিফে জল সংকটক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অন্যতম মূল বিষয় হিচাপে ব্যক্ত কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে যদিহে সিন্ধু অৱবাহিকাৰ পানীৰ ওপৰত পাকিস্তানৰ অধিকাৰ খৰ্ব কৰা হয় তেন্তে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়া হ’ব।

তেওঁৰ ভাষাত, “যি মুহূৰ্তত আমি উপলব্ধি কৰিম যে আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত হৈছে, আৰু পানী আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰেই এক অবিচ্ছেদ্য অংগ, আমি নিশ্চিতভাৱে ভাৰতৰ বিৰুদ্ধে যুদ্ধত নামিম।”

শেহতীয়াকৈ ভাৰতৰ জলসম্পদ মন্ত্ৰী চি আৰ পাটিলৰ মন্তব্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। ইয়াত তেওঁ ইংগিত দিছিল যে ২০২৮ চনৰ জুন মাহৰ ভিতৰত পাকিস্তানত সিন্ধু নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হ’ব পাৰে।

জল সংকটৰ ভয়াৱহ পৰিস্থিতিৰ মাজত এই খবৰ দেশখনত পোৱাৰ লগে লগে পাকিস্তানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। চুক্তিৰ বাহিৰলৈ গৈ যদি ভাৰতে নদীৰ সোঁত ক্ষিপ্ৰতাৰে নিয়ন্ত্ৰণ বা পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰে তেন্তে পাকিস্তানে বহি নাথাকে বুলিও আছিফে কয়।

১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতা হোৱা সিন্ধু জল চুক্তি অনুসৰি এই অৱবাহিকাৰ প্ৰায় ৮০ শতাংশ পানী পাকিস্তানে পায়। সেই দেশৰ কৃষি, জলসিঞ্চন আৰু সামগ্ৰিক অৰ্থনীতিৰ বাবে এই পানী অতি গুৰুত্বপূৰ্ণ।

কিন্তু ২০২৫ চনৰ এপ্ৰিল মাহত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত নতুন দিল্লীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। এই আক্ৰমণৰ আঁৰত পাকিস্তান সমৰ্থিত উগ্ৰপন্থী থকা বুলি অভিযোগ কৰি ভাৰতে চুক্তিখন স্থগিত ৰাখে। ভাৰতৰ স্পষ্ট স্থিতি হ’ল যে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে পাকিস্তানে বিশ্বাসযোগ্য পদক্ষেপ নোলোৱালৈকে চুক্তিখন স্থগিত হৈ থাকিব।

এই চুক্তি বাতিল হোৱাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় মহলত সৰৱ হৈ আহিছে পাকিস্তান। যোৱা সপ্তাহত পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ হস্তক্ষেপৰ দাবী জনাইছিল। ইয়াৰ উপৰিও ইছলামবাদে ভাৰতৰ বিৰুদ্ধে চন্দ্ৰভাগা (চেনাব) নদীৰ পানী অন্য দিশলৈ ঘুৰাই দিবলৈ নতুন নদী সংযোগ প্ৰকল্পৰ অভিযোগ উত্থাপন কৰিছে।

জলবায়ু পৰিৱৰ্তন আৰু ভয়াৱহ আভ্যন্তৰীণ পানীৰ নাটনিৰ সন্মুখীন হোৱা পাকিস্তানৰ বাবে এতিয়া দুয়োখন দেশৰ সম্পৰ্কৰ সংঘাতৰ অন্যতম মূল উৎস হৈ পৰিছে সিন্ধু জল বিবাদ।

Related News