NORTHEAST NOW (Assamese)
অসম

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 20, 2021 12:06 pm
a pak

ভাৰতৰ চুবুৰীয়া ৰাষ্ট পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা মুঠেও ভাল নহয়।

চীনকে ধৰি মধ্যপ্ৰাচ্যৰ দেশ সমূহৰ অৰ্থ সাহায্য লৈ চলি থকা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে এইবাৰ ৰিক্সাত উঠি ঘূৰি ফুৰাৰ দৃশ্যই সকলোকে হতবাক কৰি তুলিলে।

নিৰাপত্তাৰ দিশটো সম্পূৰ্ণ আওকাণ কৰি ইমৰাণ খানে কোনো নিৰাপত্তাৰক্ষী নোহোৱাকৈ ৰিক্সাত উঠি ঘূৰি ফুৰাৰ ভিডিঅ’ নিমিষতে ভাইৰেল হৈ পৰিল।

কিন্তু ঘটনাৰ ৰহস্য ফাদিল হ’বলৈ বৰ বেছি পৰ নালাগিল।

দৰাচলতে ৰিক্সাত উঠি ঘূৰি ফুৰা লোক জন ইমৰাণ খান নাছিল। তেওঁ আছিল ইমৰাণ খানৰ দৰে দেখিবলৈ সাইলাখ একে এজন লোক।

পাকিস্তানৰ ৰাজপথত ৰিক্সাত উঠি ঘূৰি ফুৰা লোক জনে সেয়ে কম সময়ৰ ভিতৰতে সকলোৰে দৃ্ষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ভাতত যিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদজীৰ দৰে দেখিবলৈ এজন লোক আছে ঠিক পাকিস্তানতো  দেখাত ইমৰাণ খানৰ দৰে লোক থকাৰ কথাটো শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ পৰাই স্পষ্ট হৈ পৰিল।

অৱশ্যে দেখাত সাইলাখ ইমৰাণ খানৰ দৰে লগা লোক জনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। যিকিনহওঁক, ভিডিঅ’টোৱে পিছে নেটিজেনসকলক বেছ আমোদ দিয়া পৰিলক্ষিত হৈছে।

কোনোৱাই কৈছে সেয়া সঁচা ইমৰাণ খান জনেই হয়, গাড়ীত ফুৰিবলৈ ধন নথকাৰ বাবেই তেওঁ ৰিক্সাত ঘূৰি ফুৰিছে।

কোনোৱাই আকৌ কৈছে দেশৰ পৰিইস্থিতিৰ হবুজ ল’বলৈয়ে ইমৰাণ খানে এনেদৰে ৰিক্সাত উঠি ঘূৰি ফুৰিছে ইত্যাদি ইত্যাদি।