NORTHEAST NOW (Assamese)
অসম

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ক’লে, ’৭৫ বছৰ ধৰি ভিক্ষাৰ পাত্ৰ লৈ ঘূৰি ফুৰিছো’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2022 4:49 pm

বানবিধ্বস্ত পাকিস্তানত এতিয়া কেৱল হাহাকাৰ অৱস্থা। চিকিৎসা নাই, খাদ্য আৰু কাপোৰ নাই, মূৰ সুমুৱাবলৈকো কোনো ঠাই নাই। একে সময়তে দেশখনৰ অৰ্থনীতিৰ অৱস্থাও ভয়ানকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ বাবেই বিচলিত হৈ পৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ।

বুধবাৰে তেওঁ দুখ প্ৰকাশ কৰি কয় যে বন্ধু দেশসমূহেও এতিয়া পাকিস্তানক ধন বিচৰা দেশ হিচাপে চাবলৈ আৰম্ভ কৰিছে। “আজি যেতিয়া মই বন্ধুত্বপূৰ্ণ দেশলৈ যাওঁ বা ফোন কৰোঁ, তেওঁলোকে ভাবে যে আমি ধনৰ বাবে ভিক্ষা কৰিছো।‘’

লগতে পঢ়ক: জম্মু-কাশ্মীৰত ভয়াৱহ পথ দুৰ্ঘটনা: খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, থিতাতে নিহত পাঁচ যাত্ৰী

প্ৰধানমন্ত্ৰী শ্বাহবাজে এই অৰ্থনৈতিক অস্থিৰতাৰ বাবে কেইমাহমান আগতে ক্ষমতাৰ পৰা আঁতৰা পাকিস্তান তেহৰিক-ই-ইনচাফৰ ইমৰান খান নেতৃত্বাধীন চৰকাৰক দোষাৰোপ কৰিছে।

শ্বৰীফে কয়, “আমি যোৱা ৭৫ বছৰ ধৰি ভিক্ষাৰ পাত্ৰ লৈ ঘূৰি ফুৰিছো। যিসকল এই অঞ্চলটোত জিডিপিত পাকিস্তানৰ তলত আছিল তেওঁলোকেও এতিয়া বহুদূৰ আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয়, “৭৫ বছৰৰ পাছতো পাকিস্তান এতিয়াও একে ঠাইতে কিয় থিয় হৈ আছে? এইটো এটা বেদনাদায়ক প্ৰশ্ন। আমি একেটা বৃত্ততে ঘূৰি আছো।‘’