NORTHEAST NOW (Assamese)
অসম

পাকিস্তানত ইৰাণৰ এয়াৰ ষ্ট্ৰইকত বিধ্বস্ত জইছ উগ্ৰপন্থীৰ ঘাটি; নিহত দুটি শিশু, প্ৰতিবাদ ইছলামবাদৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2024 9:29 am
পাকিস্তানত ইৰাণৰ এয়াৰ ষ্ট্ৰইকত বিধ্বস্ত জইছ উগ্ৰপন্থীৰ ঘাটি; নিহত দুটি শিশু, প্ৰতিবাদ ইছলামবাদৰ

ইৰাকৰ পিছত এইবাৰ পাকিস্তানত ইৰাণৰ এয়াৰ ষ্ট্ৰাইক। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কৈছে যে ইৰাণে পাকিস্তানত এয়াৰ ষ্ট্ৰাইক চলাইছে। এই বিমান আক্ৰমণ বালুচি গোটক লক্ষ্য কৰি সংঘটিত কৰা হৈছিল। ক্ষেপণাস্ত্ৰৰ ফলত নিহত হয় দুটা শিশু। আহত হয় আন তিনিটা শিশু। অনুমতি অবিহনে ইৰাণৰ আকাশমাৰ্গ উলংঘাৰ তীব্ৰ প্ৰতিবাদ কৰে পাকিস্তানে।

মঙলবাৰে ইৰাণে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সন্ত্ৰাসবাদী সংগঠন জইছ-উল-আদালৰ দুটা গুৰুত্বপূৰ্ণ ঘাটি আক্ৰমণ কৰা বুলি প্ৰকাশ কৰে। সেই দুটা ঘাটি মিছাইল আৰু ড্ৰোন আক্ৰমণেৰে ধ্বংস কৰি দিয়া হৈছে।

লগতে পঢ়কঃ পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি; ৰিখটাৰ স্কেলত ৩.৫ প্ৰাবল্য, গুৱাহাটীতো অনুভুত কম্পন

ইয়াৰ পিছতে পাকিস্তানে এই ঘটনাক লৈ সৰৱ হৈ পৰে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইৰানে অনুমতি অবিহনে পাকিস্তানৰ আকাশমাৰ্গ উলংঘা কৰি আক্ৰমণ সংঘটিত কৰিছে। এই আক্ৰমণত দুটা নিৰীহ শিশুৰ মৃত্যু হোৱাৰ লগতে আন তিনিটা শিশু আহত হয়। পাকিস্তানে ইয়াক তীব্ৰ গৰিহণা দিছে।

যদিও পাকিস্তানে আক্ৰমণৰ স্থান নিৰ্দিষ্ট কৰা নাই, ইৰাণৰ স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে যে বেলুচিস্তানৰ কুহে ছাবজ অঞ্চলত জইছ উগ্ৰপন্থীৰ ঘাটি আছে। ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণেৰে সেই ঘাটি ধ্বংস কৰা হৈছে।