NORTHEAST NOW (Assamese)

পাকিস্তানত ভয়ংকৰ ট্ৰেইন হাইজেকৰ ঘটনা! ২০ জন জোৱানক হত্যা, ১৮২ জনক পণবন্দী কৰাৰ দাবী বিএলই-ৰ

March 11, 2025 8:05 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙলবাৰে পাকিস্তানৰ অশান্ত পাহাৰীয়া অঞ্চলত বেলুচ লিবাৰেশ্যন আৰ্মীৰ সশস্ত্ৰ উগ্ৰপন্থীয়ে এখন ৰেলত আক্ৰমণ চলাই বহু যাত্ৰীক পণবন্দী কৰি লৈ যায়। আফগানিস্তান আৰু ইৰাণ দুয়োখন দেশৰ সীমান্তৱৰ্তী বেলুচিস্তান প্ৰদেশৰ স্বাধীনতা বিচৰা বিএলএ-এ ২০ জন জোৱানক হত্যা কৰাৰ লগতে ড্ৰন এটাও গুলীয়াই পেলোৱা বুলি ৰয়টাৰে প্ৰকাশ কৰিছে।

গোটটোৱে ১৮২ জন পণবন্দী কৰা বুলি দাবী কৰিছে। এক বিবৃতিত কোৱা হৈছে যে অসামৰিক যাত্ৰী বিশেষকৈ মহিলা, শিশু, বৃদ্ধ আৰু বেলুচ নাগৰিকক নিৰাপদে মুকলি কৰি দিয়া হৈছে আৰু নিৰাপদ পথ দিয়া হৈছে।

Related News