NORTHEAST NOW (Assamese)

আফগানিস্তানৰ ওপৰত পাকিস্তানৰ বিমান আক্ৰমণ; নিহত কমেও ১৫ জন, বিয়পিছে উত্তেজনা

December 25, 2024 10:36 am · এন ই নাও নিউজ, গুৱাহাটী

পাকিস্তানে আফগানিস্তানৰ ওপৰত বিধ্বংসী বিমান আক্ৰমণ চলাইছে। এই ঘটনাত কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে। আফগানিস্তানৰ পাক্তিকা অঞ্চলৰ বৰমাল জিলাত সংঘটিত হৈছে এই ঘটনা। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

স্থানীয় খামা প্ৰেছৰ বাতৰি অনুসৰি যোৱা ২৪ ডিচেম্বৰৰ শেষ নিশা লমনকে ধৰি ৭খন গাঁৱত এই বিমান আক্ৰমণ চলোৱা হৈছিল। এই ঘটনাত একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হয়। স্থানীয় সূত্ৰ অনুসৰি পাকিস্তানে এই বিমান আক্ৰমণ চলাইছিল। এই আক্ৰমণত আন বহু লোক আহত হয়।

খামা প্ৰেছৰ তথ্য অনুসৰি এই বিমান আক্ৰমণৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে। এই আক্ৰমণৰ আঁৰত কোন দায়ী সেই কথা বিচাৰি উলিওৱা হৈছে। তালিবানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ কৰা বুলি প্ৰকাশ কৰিছে।

অৱশ্যে পাকিস্তানে এতিয়াও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। কিন্তু পাকিস্তান আৰু আফগানিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ ফলত এই আক্ৰমণৰ ইন্ধন যোগোৱা বুলি অনুমান কৰা হৈছে।

জানিব পৰা মতে, এই আক্ৰমণ সীমান্তত তালিবানৰ আত্মগোপন কৰি থকা ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। এই ঘটনাৰ পিছতে তালিবানে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে।

Related News