NORTHEAST NOW (Assamese)

আমেৰিকাত ছুটী উদযাপন কৰিবলৈ গৈ বিপদত পাকিস্তানৰ ৰাষ্ট্ৰদূত! বিমানবন্দৰৰ পৰা উভতি যাবলৈ নিৰ্দেশ

March 11, 2025 4:36 pm · এন ই নাও নিউজ, গুৱাহাটী

তুৰ্কমেনিস্তানত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূতক বিমানবন্দৰৰ পৰা বহিষ্কাৰ কৰিছে আমেৰিকাই। কিন্তু তেওঁক কিয় আমেৰিকাত থাকিবলৈ দিয়া নহল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাৰণ আমেৰিকাৰ ইমিগ্ৰেচন বিভাগে কোনো কাৰণ স্পষ্টকৈ উল্লেখ কৰা নাছিল। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়েও এই খবৰৰ সত্যতাক স্বীকাৰ কৰি এক বিবৃতি প্ৰকাশ কৰে।

তুৰ্কমেনিস্তানত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূত কে কে ৱেগনে লছ এঞ্জেলছত ছুটী কটাবলৈ আমেৰিকালৈ ৰাওনা হৈছিল। একাধিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৈধ ভিছা থকাৰ পাছতো তেওঁক বিমানবন্দৰত ৰখাইছিল ইমিগ্ৰেচন বিষয়াই।তাৰ পাছত পাকিস্তানী কূটনীতিবিদজনক উভতি যাবলৈ নিৰ্দেশ দিয়া হয়।

কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পাকিস্তানী কূটনীতিবিদগৰাকীৰ ভিছাৰ কিছুমান দিশ বিতৰ্কিত আৰু সন্দেহজনক বুলি আমেৰিকাৰ অভিবাসন বিভাগে জানিব পাৰিছে। অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত কয় যে “কে কে ৱেগনক আমেৰিকাৰ পৰা ঘূৰাই পঠিওৱা হৈছে। ইমিগ্ৰেচন বিভাগৰ আপত্তিৰ বাবে তেওঁক ঘূৰাই পঠিওৱা হৈছিল। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে লছ এঞ্জেলছত থকা কনছুলেট জেনেৰেলক এই বিষয়ত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

প্ৰসংগক্ৰমে যোৱা সপ্তাহত সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰিছিল যে ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনে পাকিস্তানী নাগৰিকৰ আমেৰিকাত প্ৰৱেশত বাধা আৰোপ কৰিবলৈ ওলাইছে। পাকিস্তানৰ ৰাষ্ট্ৰদূতগৰাকীক বিমানবন্দৰৰ পৰা উভতাই পঠোৱাৰ ঘটনাক বহুতে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে।

Related News