NORTHEAST NOW (Assamese)

আমাৰ বেটছমেন সকলে দলৰ বাবে খেলাৰ বিপৰীতে ভাৰতীয় বেটছমেন সকলে নিজৰ অভিলেখৰ বাবে খেলিছিল : ইনজামামুল হ’ক

April 23, 2020 6:27 pm · এন ই নাও নিউজ
Updated: April 23, 2020 6:36 pm
ইনজামামুল হ'ক

ভাৰতীয় বেটছমেন সকলৰ দলৰ প্ৰতি থকা দায়বদ্ধতা সন্দৰ্ভত প্ৰশ্ন তুলি ভাৰতৰ বহু তাৰকা ক্ৰিকেটাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামামুল হ’কে।

‘‘ভাৰতীয় বেটছমেন সকলে নিজৰ অভিলেখৰ বাবে খেলিছিল, বিপৰীতে মোৰ দলৰ ভিতৰত অধিক সংহতি আছিল,’’ ইনজামামুল হ’কে ভাৰতীয় বেটছমেন সকলক সমালোচনা কৰি কয়।

‘‘আমি যেতিয়া ৩০-৪০ ৰান কৰো সেয়া দলৰ বাবে আছিল। তেওঁলোকে যেতিয়া ১০০ কৰিছিল সেয়া দলৰ বাবে নাছিল, সেয়া ব্যক্তিগত আছিল,’’ প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ গৰাকীয়ে ভাৰতীয় বেটছমেনক সমালোচনা কৰি কয়।

উল্লেখযোগ্য যে, ইনজামামে তেওঁৰ সমসাময়িক ভাৰতীয় বেটছমেনৰ কথাহে এই ক্ষেত্ৰত উল্লেখ কৰা বুলি কয় যিটো সময়ত ভাৰতীয় দলত শচীন টেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, সৌৰভ গাংগুলী আদিৰ দৰে তাৰকা বেটছমেন সকলে দপদপাই আছিল।

ইনজামামুল হ’কৰ এই সমালোচনাৰ পাছত ভাৰতীয় ক্ৰিকেটাৰ সকলে পাকিস্তানী ক্ৰিকেটাৰ গৰাকীক কেনেদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষ্যণীয় হ’ব।

Related News