NORTHEAST NOW (Assamese)
Popular Stories

পৃথিৱী স্থিৰ, প্ৰদক্ষিণ কৰে সূৰ্যইহে! দাবী পাকিস্তানী যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2023 7:33 pm
Pakistani man says Earth doesn't rotate

পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূলে। ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত পশ্চিমৰ পৰা পূবলৈ এইদৰে সূৰ্যক প্ৰদক্ষিণ কৰোঁতে পৃথিৱীত দিন-ৰাতি হয়। এইদৰেই আমি সৰুৰ পৰা পঢ়ি তথা শুনি আহিছো। এয়া প্ৰতিষ্ঠিত বৈজ্ঞানিক তথ্য।

পিছে এই তথ্যক এতিয়া প্ৰত্যাহ্বান জনাইছে পাকিস্তানৰ এগৰাকী যুৱকে। যুৱকজনৰ মতে, পৃথিৱী নিজৰ ঠাইতে স্থিৰ; সূৰ্যইহে প্ৰদক্ষিণ কৰি আছে পৃথিৱীক। পাকিস্তানী যুৱকগৰাকীৰ এই দাবী এতিয়া সৰ্বত্ৰ চৰ্চিত।

দেশখনৰ Naila & Shaila নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা হৈছে ২৭ মিনিটৰ এটা ভিডিঅ’। এই ভিডিঅ’টোৰে কিয়দাংশ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’টোত পাক যুৱকগৰাকীয়ে তুলিছে এই আজৱ দাবী। ভিডিঅ’টোত যুৱকগৰাকীয়ে দৃঢ়তাৰে দাবী কৰিছে যে পৃথিৱীখন স্থিৰ, সূৰ্য্য আৰু চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে; ইয়াৰ ফলতে দিন-ৰাতি, বতৰৰ পৰিৱৰ্তন ঘটে।

এই ভিডিঅ’টো প্ৰতিটো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে এতিয়া ভাইৰেল হৈ পৰিছে। অসংখ্য লোকে শ্বেয়াৰ কৰিছে ভিডিঅ’টো। যুৱকজনৰ এনে আজৱ দাবীক কটাক্ষ-বিদ্ৰুপ কৰি হাস্যৰসাত্মক হাস্যৰসময়ী প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেটিজেনে।