NORTHEAST NOW (Assamese)
Popular Stories

৩০ কিলোগ্ৰাম বৃহৎ পৰিমাণৰ হিৰ’ইনসহ পাকিস্তানী স্মাগলাৰ গ্ৰেপ্তাৰ; ক’ত কোনে কৰিলে গ্ৰেপ্তাৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2021 9:37 am
index.jpg

বৃহৎ পৰিমাণৰ নিষিদ্ধ ঘোষিত ড্ৰাগছসহ এগৰাকী পাকিস্তানী স্মাগলাৰক গ্ৰেপ্তাৰ কৰিছে সীমান্ত সুৰক্ষা বাহিনী(BSF)এ।

BSFৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বুধবাৰে বাহিনীটোৰ ১৪ নং বেটেলিয়নে পঞ্জাৱৰ ফীৰোজপুৰ ছেক্টৰৰ এমডব্লিউ সীমান্তৰ খেম কৰণ চকীৰ পৰা ৩০ কিলোগ্ৰামৰ ১৩ টা পাকেট হিৰ’ইনসহ পাকিস্তানী স্মাগলাৰগৰাকীক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছখিনি জব্দ কৰা হৈছে।

সূত্ৰটোৰ মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সীমান্ত সুৰক্ষাৰ বাহিনীটোৱে পাকিস্তানী স্মাগলাৰজনক এই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে স্মাগলাৰগৰাকী পৰিচয় বাহিনীটোৱে এতিয়াও গোপনে ৰাখিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে সীমান্ত সুৰক্ষা বাহিনীৰ ১৩৬ নং বেটেলিয়নে ১.১৬ কিলোগ্ৰামৰ তিনি পাকেট ড্ৰাগছ উদ্ধাৰ কৰিছিল।

বিএছএফৰ উপ-মহাপৰিদৰ্শক সুৰিন্দৰ মেহতাই সংবাদ মাধ্যমৰ আগত কয়, “কাঁইটীয়া তাঁৰৰ বেৰৰ কাষত চোৰাং ব্যৱসায়ীসকলৰ সন্দেহজনক চলাচল দেখা গৈছিল আৰু ইয়াৰ পিছতে জোৱানসকলে পদক্ষেপ লৈছিল। অৱশ্যে, সেইদিনা চোৰাং ব্যৱসায়ীসকল পলাই যাবলৈ সক্ষম হৈছিল।”

ইফালে অভিযান কালত ১২ ফুটীয়া এডাল প্লাষ্টিকৰ পাইপো উদ্ধাৰ কৰা হৈছিল।

বিষয়াগৰাকীৰ মতে উক্ত পাইপেৰে সম্ভৱতঃ নিষিদ্ধ ঘোষিত ড্ৰাগছৰ পেকেটসমূহ কাঁটা তাঁৰৰ বেৰা ওপৰেৰে সীমান্ত ইপাৰ সিপাৰ কৰা হৈছিল।